বাৰ্ধক্যৰ লক্ষণ দূৰ কৰিবপাৰে এইবিধ মছলাই

0
204


মছলা হিচাপে ভাৰতীয় ৰন্ধন প্ৰণালীত দালচেনি খুব জনপ্ৰিয় তথা ইয়াৰ ৰন্ধন কাৰ্যত গুৰুত্ব অপৰিসীম৷ এই মছলাবিধে আমাৰ শৰীৰৰ যথেষ্ট উপকাৰ সাধন কৰে৷ একজিমা, ছালৰ প্ৰদাহ, ব্ৰুন আদি সমস্যা দূৰ কৰাত দালচেনিয়ে সহায় কৰে৷ দালচেনিত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল আৰু এণ্টিইনফ্লেমেটৰি উপাদান থাকে, যিয়ে ছালৰ প্ৰদাহ কমোৱাত সহায় কৰে৷ ব্ৰুনৰ সমস্যা নিৰাময়ৰ বাবে অলপ দালচেনিৰ গুৰি সৈতে মৌ মিহলাই ব্ৰুনৰ ওপৰত লগাই কিছু সময়ৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুই দিব৷ এইদৰে মুখত লগালে যথেষ্ট সুফল পোৱা যায়৷ এইটো এটা ব্ৰুনৰ একপ্ৰকাৰ স্পট ট্ৰিটমেণ্ট৷ দালচেনিয়ে বাৰ্ধক্যৰ লক্ষণ প্ৰতিৰোধ কৰাত সহায় কৰে৷ দালচেনিৰ গুৰিৰ সৈতে এলোভেৰা জেল মিহলাই মুখত লগাই অলপ মাচাজ কৰিব৷ তাৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ঘুই দিব৷ এইদৰে কৰিলে মুখত পৰা বাৰ্ধক্যৰ চাপ নোহোৱা হ’ব৷ দৈৰ সৈতে দালচেনিৰ গুৰি মিহলাই মুখত লগালে মুখৰ দাগ নোহোৱা হয়৷ সপ্তাহত দুই তিনিবাৰ এই মিশ্ৰণটো মুখত ব্যৱহাৰ কৰিলে মুখৰ যিকোনো দাগ নাইকিয়া হ’ব৷ ছালৰ মসৃণতা ঘূৰাই আনিবলৈ দালচেনি উত্তম৷ কণীৰ বগা অংশৰ সৈতে দালচেনিৰ গুৰি ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো মুখত লগাই দহ মিনিটমান পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক৷ এইদৰে এসপ্তাহমান মুখত লগালে মুখৰ টান টান ভাব নোহোৱাৰ লগতে মুখখন মসৃণ,উজ্জ্বল হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here