অকাৰণত এডালো চুলি নসৰিবলৈএলোভেৰাৰ সৈতে এইবিধ লগাওক

0
276

চুলিৰ যত্নত এলোভেৰা জেলে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চুলি সৰা বন্ধ কৰা, স্কাল্পৰ আৰ্দ্ৰতা ধৰি ৰখাত এলোভেৰা জেলে যথেষ্ট সহায় কৰে৷ চুলিৰ পৰিচৰ্যাত এলোভেৰা জেলৰ সমান আন একো নাই বুলি ক’ব পাৰি৷ এলোভেৰা জেল মূৰৰ স্কাল্পৰ লগালে ইয়াৰ আদ্ৰৰ্তা ধৰি ৰাখে৷ এই প্ৰাকৃতিক উপাদানবিধত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ইৰ দৰে উপকাৰী ভিটামিন থাকে, যিয়ে ছালৰ সুৰক্ষা তথা সৌন্দৰ্য ধৰি ৰখাত সহায় কৰে৷ এলোভেৰা জেলত ফলিক এচিড. কোলাইন তথা এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেজিকেলৰ বিৰুদ্ধে যুঁজ দিব পাৰে৷ স্বাভাৱিকভাৱে স্কাল্পৰ সকালো সমস্যা সমাধানৰ বাবে এলোভেৰা জেল অতি উত্তম৷ এলোভৰা জেল চুলি লগালে বেছ উপকাৰ পোৱা যায়৷ এলোভেৰা জেলৰ সৈতে ভিটামিন-ই কেপছুল মিহলাই চুলিত লগালে চুলি সৰা, চুলি পকা, উফিকে ধৰি চুলি সমস্যা সমাধান হৈ চুলি উজ্জ্বল মিহি হৈ পৰে৷ নাৰিকল তেলৰ সৈতে এলোভেৰা জেল মিহলাই মূৰত লগালে যথেষ্ট উপকাৰ পাব পাৰি৷ ৩০ মিনিটমান এই মিশ্ৰণটো চুলিত লগাই পাছত ছেম্পুৰে ধুই দিব৷ এটা পাত্ৰত দৈৰ হেয়াৰ মাস্ক আৰু এলোভেৰা জেল মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো চুলিত লগালে চুলিৰ যথেষ্ট উপকাৰ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here