বাথৰূম, দমকলৰ পানীৰ হালধীয়াদাগ গুচাবলৈ এই পদ্ধতি লওক

0
639


বাথৰূমৰ ৱাল বা মজিয়া তথা আমি পানী খোৱা দমকলটোৰ চাৰিওফালে পানী পৰি পৰি পানীৰ হালধীয়া দাগ বহে৷ পানীৰ এনেদৰে হোৱা হালধীয়া দাগবোৰ দেখিবলৈ কুশ্ৰী দেখি আৰু বহুদিন হোৱাৰ পাছত এই দাগবোৰ ক্ৰমে গাঢ় হৈ পৰে৷ পাছত হাজাৰ চেষ্টা কৰিবও এই দাগবোৰ আঁতৰাব পৰা নাযায়৷ এনে পৰিস্থিতিত তৎকালে কিছু ঘৰুৱা উপায় অৱলম্বন কৰি এই দাগবোৰ আঁতৰ কৰিব পৰা যায়৷ জানো আহক দমকলৰ পানীৰ দাগ কিদৰে নোহোৱা কৰিব৷
দমকল বা বাথৰূমৰ পানীৰ হালধীয়া দাগ গুচাবলৈ নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷ এটা বাচনত অলপ নেমুৰ ৰস উলিয়াই তাত পানীৰ মিহলাই লওক৷ এতিয়া এই নেমুৰ পানীখিনি দমকল বা বাথৰূমৰ চাৰিওফালে স্প্ৰে কৰি দিব৷ কিছু সময় এনেদৰে ৰাখি পাছত এটা ব্যৱহাৰ কৰা টুথব্ৰাছেৰে দাগ পৰা অংশবোৰত ঘঁহি দিব৷
দমকলৰ পৰা দাগ তথা ময়লা নোহোৱা কৰিবলৈ হোৱাইট ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে৷ এটা স্প্ৰে’ বটলত ভিনেগাৰ মিহলাই লৈ টিউবৱেলৰ দাগ পৰা অংশত ভালদৰে স্প্ৰে কৰিব৷ কিছু সময়ৰ বাবে এইদৰে থৈ তাৰ পাছত পুৰণা ব্ৰাছ বা স্ক্ৰাবাৰেৰে দাগবোৰ ভালদৰে ঘঁহি দিলে দেখিব দাগবোৰ লাহে লাহে নোহোৱা হৈ গৈছে৷
পাত্ৰ এটাত বেকিং ছ’ডা আৰু নেমুৰ ৰসেৰে এটা পেষ্ট প্ৰস্তুত কৰক৷ এই পেষ্টটো দাগ পৰা ঠাইত ভালদৰে লগাই ২০ মিনিটমান পাছত স্ক্ৰাবাৰেৰে ঘঁহি দিব৷ দেখিব হালধীয়া দাগবোৰ ক্ৰমে নোহোৱা হ’বলৈ ধৰিছে৷
দমকলত পানীৰ পৰা হালধীয়া দাগ গুচাবলৈ টমেটো চচ ব্যৱহাৰ কৰিব পাৰে৷ দুচামুচমান টমেটো চচ লৈ দমকলত পৰা দাগবোৰৰ চাৰিওফালে সানি দিয়ক৷ ২০ মিনিটমান ৰখাৰ পাছত ব্ৰাছেৰে দমকলৰ চাৰিওফালে ঘঁহি পৰিষ্কাৰ কৰি দিয়ক৷
দমকলত পানীৰ হালধীয়া দাগ নোহোৱা কৰিবলৈ হাইড্ৰজেন পেৰক্সাইড ব্যৱহাৰ কৰিব পাৰে৷ ব্ৰাছৰ সহায়ত ২-৩ চামুচ হাইড্ৰজেন পেৰক্সাইড দমকলৰ দাগ পৰা অংশত লগাওক৷ আধা ঘণ্টা পাছত পুৰণা টুথব্ৰাছৰ সহায়ত দাগবোৰ ঘঁহি দিলে আপোনা আপুনি দাগবোৰ গুচিবলৈ ধৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here