ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকিল অসম-কন্যা বৰ্ণালী দাস || Assam’s Barnali Das shines in national and international arenas

0
536

অসমৰ যুৱ বিজ্ঞানীৰ সাফল্যত উৎফুল্লিত সমগ্ৰ পৃথিৱী। পাটাছাৰকুছিৰ জীয়ৰী তীক্ষ্ণ মেধাসম্পন্ন বৰ্ণালী দাসে এক গৱেষণাৰ জৰিয়তে মহাকাশত সূৰ্যতকৈও উত্তপ্ত তৰাৰ স্থিতি নিশ্চিত কৰিছে৷ বৰ্ণালী দাসে পুনেত থকা ‘Tata Institute of Fundamental Research-ৰ National Centre for Radio Astro Physics’-ত ড॰ পুনম চন্দ্ৰাৰ তত্ত্বাৱধানত গৱেষণা কৰা গৱেষণা-পত্ৰখন নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে জমা দিছিল আৰু গৱেষণা-পত্ৰখন আগশাৰীৰ জাৰ্নেলত প্ৰকাশৰ বাবেও ইতিমধ্যে।বিবেচিত হৈছে৷ নিজৰ সাফল্যত উৎফুল্লিত হৈ ড° বৰ্ণালী দাসে পুনেৰ পৰা জনাইছে যে এই গৱেষণা তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল৷ সাফল্যত উপনীত হৈ তেওঁ যথেষ্ট আত্মবিশ্বাসী হৈ পৰিছে৷ তেওঁ জনোৱা মতে সূৰ্যতকৈ ডাঙৰ আৰু উত্তপ্ত লগতে বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী আৱিষ্কৃত তৰাকেইটা হাটীপটি তাৰকা ৰাজ্যৰ৷

এনেধৰণৰ ১৫টা তৰাৰ সন্ধান লাভ কৰা হৈছে বুলিও তেওঁ লগতে জনায়৷ ইতিমধ্যে ‘প’ষ্ট ডক্টৰেল’ গৱেষণাৰ বাবে ২০২২ চনৰ প্ৰথম ভাগতে আমেৰিকালৈ উৰা মাৰিব বৰ্ণালীয়ে৷ মহাকাশৰ অধিক তথ্য আৱিষ্কাৰৰ বাবে নিজকে আত্মনিয়োগ কৰিবলৈ সাজু হৈ উঠিছে এইগৰাকী যুৱ বিজ্ঞানী৷ পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা মেট্ৰিক পৰীক্ষাত চতুৰ্থ স্থান দখল কৰা বৰ্ণালী দাসে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত পঞ্চম স্থান দখল কৰিছিল আৰু নতুন দিল্লীৰ হংসৰাজ কলেজত স্নাতক শাখাত পদাৰ্থ বিজ্ঞান মুখ্য বিষয় হিচাপে লৈ স্বৰ্ণ পদকেৰে শীৰ্ষস্থান দখল কৰিছিল৷ পাছত তেওঁ আই আই টি কানপুৰৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰে। ইয়াৰ পাছতেই তেওঁ ‘National Centre for Radio Astrophysics’-ত গৱেষণা কৰে৷ এই কেন্দ্ৰটো শীৰ্ষ পৰ্যায়ৰ ‘Tata Institute of Fundamental Research’-ৰ অধীনৰ৷ পাটাছাৰকুছিৰ সৰিহ চাকলা নিৱাসী মুনীন দাস আৰু শিৰণ কলিতা দাসৰ কনিষ্ঠা কন্যা বৰ্ণালী দাস৷
News Health Plus-ৰ তৰফৰ পৰাও ড° বৰ্ণালী দাসৰ এই অভূতপূৰ্ব সাফল্যত উৎফুল্লিত হৈছোঁ আৰু তেওঁৰ উত্তৰোত্তৰ কামনা কৰিছোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here