ঋতুস্ৰাৱৰ সময়ত দিনে কেইবাৰ ছেনিটাৰী নেপকিন সলোৱা উচিত || How many times to change sanitary napkin during periods?

0
760

ঋতুস্ৰাৱৰ সময়ত সকলো মহিলাই ছেনিটাৰী নেপকিন ব্যৱহাৰ কৰে৷ পিছে এই ছেনিটাৰী নেপকিন ব্যৱহাৰ কৰাৰ সময়ত বহুতেই কিছুমান ভুল কৰা দেখা যায়৷ তাৰ ভিতৰত বহু দেৰিলৈ একেটা ছেনিটাৰী নেপকিনে ব্যৱহাৰ কৰা, ৰক্ত ক্ষৰণ কমকৈ হ’লে ছেনিটাৰী নেপকিন নসলোৱা, স্কুল-অফিচ আদিলৈ গ’লে একেটা ছেনিটাৰী নেপকিনে ব্যৱহাৰ কৰা ইত্যাদি৷ কিন্তু ছেনিটাৰী নেপকিন ব্যৱহাৰ কৰাৰ সময়ত কিছুমান সতৰ্কতা অৱলম্বন কৰা অতিকে জৰুৰী৷

Sanitary Napkin With Gerbera Flower On Pink Background. Concept Of Critical Days, Menstruation Stock Photo, Picture And Royalty Free Image. Image 123827749.

(১) ছেনিটাৰী নেপকিন ব্যৱহাৰ কৰাৰ আগতে হাত ভালকৈ ধুই লোৱা উচিত৷ নহ’লে হাতত থকা জীৱাণু শৰীৰৰ ভিতৰত প্ৰৱেশ কৰাৰ আশংকা থাকে৷


(২) এটা ছেনিটাৰী নেপকিন গোটেই দিনটো ব্যৱহাৰ কৰা মুঠেও উচিত নহয়৷ ইয়াৰ ফলত যোনীৰ ইনফেক্‌শ্যন হৈ খজুৱতি, ৰঙা পৰা, প্ৰস্ৰাৱৰ জ্বলন, যোনী ফুলি অহা আদি সমস্যাই দেখা দিব পাৰে৷ সেয়েহে অন্ততঃ ৪-৬ ঘণ্টাৰ মূৰে মূৰে এটা ছেনিটাৰী নেপকিন সলাব লাগে৷

What is a Yeast Infection? How to Treat & Prevent Vaginal Yeast Infections


(৩) ৰঙীন আৰু সুগন্ধিযুক্ত ছেনিটাৰী নেপকিন ব্যৱহাৰ নকৰিব৷ কাৰণ এনেধৰণৰ ছেনিটাৰী নেপকিনত ৰাসায়নিক দ্ৰব্য মিশ্ৰিত হৈ থাকে, যাৰ ফলত ই আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে৷

Colorful cloth pads. Illustration of colorful sanitary pads made of cloth. | CanStock


(৪) ইয়াৰ লগতে মনত ৰাখিব কেতিয়াও সঘনাই ছেনিটাৰী নেপকিনৰ ব্ৰেণ্ড সলনি কৰি থকা উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here