GMCH-ৰ OPD নিশা ১০ বজালৈকে খোলা || Good news: GMCH’S OPD will now remain open till 10 pm

0
366

অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে স্বাস্থ্য বিভাগৰ বৈঠকৰ পাছত ৰাজ্যৰ স্বাস্থ্য খণ্ডত ব্যাপক সংস্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ২৩ নৱেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিশা ১০ বজালৈকে বহিঃবিভাগৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি অস্ত্ৰোপচাৰ পৰ্যন্ত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ইফালে শীঘ্ৰে GMCH-ত ডিজিটেল প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু এনে হোৱাৰ লগে লগে চিকিৎসকৰ আগতীয়া এপইণ্টমেণ্ট আৰু পৰীক্ষাৰ বাবে আগতীয়া বুকিং কৰিবলৈ সক্ষম হ’ব ৰোগীসকল৷ এই কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰে এক আলোচনাত মন্ত্ৰীজনে মিলিত হোৱাৰ পাছত চিকিৎসাৰ বাবে অহা ৰোগীৰ অসুবিধা দূৰীকৰণ কৰাৰ ক্ষেত্ৰত বিস্তৃতভাৱে পৰ্যালোচনা কৰে আৰু মুখ্যমন্ত্ৰীয়ে সকলো চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা আৰু আপত্তি নোহোৱা কৰিবৰ বাবে ব্যাপক সংস্কাৰ সাধন কৰাৰ নিৰ্দেশ দিছিল৷ সেই নিৰ্দেশৰ পাছতে ২৩ নৱেম্বৰৰ পৰা GMCH-ত সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় বুলি স্বাস্থ্য মন্ত্ৰীজনে সদৰী কৰে৷ নতুন সংস্কাৰ অনুসৰি আজিৰ পৰা GMCH-ত বহিঃবিভাগৰ কাম-কাজ দুটা ছিফ্‌টত সম্পন্ন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ এতিয়াৰে পৰা GMCH-ত নিশা ১০ বজালৈ বহিঃবিভাগত ৰোগীৰ পেথ’লজিকে ধৰি সকলো ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলিব৷ নিশা ১০ বজালৈ পেথ’লজিৰ উপৰি মাইক্ৰ’ বায়লজি, বায়’কেমেষ্ট্ৰি, এক্স ৰে’, এম আৰ আই, চিটি স্কেন আদি সকলো পৰীক্ষা অব্যাহত থাকিব৷ অৱশ্যে জৰুৰীকালীন বিভাগ এতিয়াৰ দৰেই ২৪ ঘণ্টাই অব্যাহত থাকিব বুলিও তেওঁ সদৰী কৰে৷ আনহাতে অস্ত্ৰোপচাৰো নিশা ১০ বজালৈ কৰা হ’ব৷ এনে কৰিবৰ বাবে যন্ত্ৰৰ সংখ্যাও বৃদ্ধি কৰাৰ লগতে নতুন কৰ্মচাৰী নিযুক্তি দিয়া বুলিও তেওঁ সদৰী কৰে৷ আনহাতে জি এম চি এইচত ডিজিটেল ব্যৱস্থা সংযোজন কৰাৰ চেষ্টা কৰা হৈছে আৰু শীঘ্ৰে অনলাইনযোগে আগতীয়াকৈ চিকিৎসকৰ এপইণ্টমেণ্ট আৰু পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিব পৰা যাব বুলিও তেওঁ সদৰী কৰে৷ আনকি চিকিৎসালয়ত বিছনা আছে নে নাই সেয়াও আগতীয়াকৈ চাব পৰা যাব বুলি তেওঁ সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here