Home Daily news ৰাজ্য চৰকাৰে গঢ়িব‘ছেটেলাইট টাউনশ্বিপ

ৰাজ্য চৰকাৰে গঢ়িব‘ছেটেলাইট টাউনশ্বিপ

গুৱাহাটী মহানগৰীৰ বৰ্ধিত জনসংখ্যা আৰু সকলো দিশৰে পৰা চহৰখনৰ ওপৰত আহি পৰা ক্ৰমবৰ্ধমান হেঁচাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ সমীপৰ ১০০০ একৰ এলেকাত এখন নতুন ‘ছেটেলাইট টাউনশ্বিপ’ বা উপগ্ৰহীয় চহৰ গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছে ৰাজ্য চৰকাৰে৷ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে প্ৰস্তাৱিত এই চহৰৰ সম্ভাৱনীয়তা অন্বেষণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ [জি এম ডি এ]ক দায়িত্ব অৰ্পণ কৰিছে৷ ইতিমধ্যে জি এম ডি এ-ই নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ছিংগাপুৰ চৰকাৰৰ এটা বিশেষজ্ঞ সংস্থা ‘মেছাৰ্ছ ছুৰবানা জুৰং ইন্‌ফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড’ক এই উপগ্ৰহীয় চহৰৰ মাষ্টাৰ প্লেন আৰু উন্নয়ন পৰিকল্পনা প্ৰস্তুতৰ বাবে পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিছে৷ পৰামৰ্শদাতা সংস্থাটোৱে ইতিমধ্যে তেওঁলোকৰ প্ৰাৰম্ভিক পৰামৰ্শসম্বলিত এক প্ৰেজেণ্টেশ্যন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ সন্মুখত দাঙি ধৰিছে আৰু অতি সোনকালেই তেওঁলোকৰ চূড়ান্ত প্ৰেজেণ্টেশ্যন আগবঢ়াব বুলি জানিব পৰা গৈছে৷ 
উল্লেখ্য যে ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেটত গুৱাহাটীৰ সমীপত এখন বিশ্বমানৰ সংহত ব্যাৱসায়িক চহৰ ‘অমৃত-গুৱাহাটী সংহত গ্ল’বেল চিটি’ [অমৃত-জি আই জি চহৰ] গঢ়ি তোলাৰ কথা চৰকাৰে ঘোষণা কৰিছিল৷ প্ৰস্তাৱিত এই অমৃত-জি আই জি চহৰখন এহেজাৰ একৰ এলেকাত সম্পূৰ্ণৰূপে পৰিকল্পিত হ’ব আৰু নতুন যুগৰ আৱাসিক আৰু সামাজিক আন্তঃগাঁথনিৰ লগতে পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ পৰৱৰ্তী প্ৰজন্মৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনিক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে৷ পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিত ইতিমধ্যেই ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে দেশৰ আঠখন নতুন চহৰ গঢ়াৰ বাবে প্ৰদৰ্শনভিত্তিক প্ৰত্যাহ৩ান পুঁজি [পাৰ্ফৰমেন্স বেছড চেলেঞ্জ ফাণ্ড]ৰ বাবে প্ৰস্তাৱ [ৰিকুৱেষ্ট ফৰ প্ৰপ’জেল-আৰ এফ পি] আহ৩ান কৰিছে৷ ৫০০ কোটি টকাৰ এই কেন্দ্ৰীয় পুঁজি লাভৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগেও এই কেন্দ্ৰীয় নিবিদাত অংশগ্ৰহণ কৰিছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...