আচৰিত ! এটা মাটিকঁঠালৰ দাম কিমান হ’ব পাৰে জানেনে ?

0
141

মাটিকঁঠাল এবিধ সুস্বাদু ফল হিচাপে জনা যায়৷ ইয়াৰ উপকাৰিতাও যথেষ্ট আছে৷ সাধাৰণতে এটা মাটিকঁঠালৰ দাম আমাৰ ৰাজ্যত কিমান হ’ব পাৰে, সেইটো অনুমান কৰাটো তেনেই সহজ৷ কিয়নো খুব বেছি ৩০-৪০ টকাত এটা মাটিকঁঠাল ক্ৰয় কৰিব পাৰি৷ কিন্তু এই কথা শুনি আপুনি অকণো আচৰিত নহ’ব যে এটা মাটিকঁঠালৰ দাম লাখ টকাপৰ্যন্ত হ’বও পাৰে৷ হয় কথাটো একেবাৰে সত্য৷ এইটো পৃথিৱীৰ আটাইতকৈ দামী মাটিকঁঠাল৷ এটাৰ দাম ১ লাখ টকা৷ ইংলেণ্ডৰ কৰ্নৱালৰ হেলিগান গাৰ্ডেনত এইবিধ মাটি কঁঠালৰ খেতি কৰা হয় আৰু গাৰ্ডেনখনৰ নামেৰেই ইয়াৰ নামো হেলিগান পাইনএপ্‌ল৷ প্ৰায় ১০০০ পাউণ্ড দামৰ [১ লাখ টকা] এই মাটিকঁঠাল উৎপাদন কৰিবলৈ ২-৩ বছৰ সময় লাগে আৰু যথেষ্ট শ্ৰমৰ প্ৰয়োজন হয়৷ গাৰ্ডেনখনৰ বিষয়াসকলে কয় যে নিলাম কৰিলে একোটা মাটিকঁঠালৰ দাম ১০ লাখ টকা পৰ্যন্ত হ’বগৈ পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here