উদ্যোগৰ বৰ্জিত পানী খাই পশুধনৰ মৃত্যু : ক’ত?

0
492

কামৰূপ জিলাৰ ছাটাবাৰী ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ বায়’কেম প্ৰাঃ লিঃৰ বিৰুদ্ধে স্থানীয় লোকে ক্ষোভ উজাৰিলে৷ উদ্যোগটোৰ পৰা এৰা বিষাক্ত পানী খাই দুটাকৈ গো-ধনৰ মৃত্যু হয়৷ উদ্যোগটোৰ সমীপৰ ৰনং জামবাৰী নিৱাসী চালামত আলী নামৰ এজন ব্যক্তিৰ গো-ধনৰ মৃত্যু হয়৷ উদ্যোগটোৰ তৰফৰ পৰা দৰিদ্ৰ পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে৷ উদ্যোগৰ পৰা ওলোৱা বিষাক্ত পানীৰে উপচি থকা পথাৰ এখনত পশুধন দুটাই ঘাঁহ খোৱাৰ পাছতেই মৃত্যু হয়৷ এই কথাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ৷ দীৰ্ঘদিন ধৰি সুৰা, স্পিৰিট প্ৰস্তুত কৰা উদ্যোগটোৰ বাবে হাৰাশাস্তি ভুগিছে শতাধিক গাঁৱৰ ৰাইজে৷ আনকি উদ্যোগৰ পৰা ওলোৱা বিষাক্ত পানী নিষ্কাশনৰ বাবে নাই কোনো ধৰণৰ ব্যৱস্থা৷ দুৰ্গন্ধময় পৰিৱেশ বিৰাজমান হৈ আছে উদ্যোগৰ চৌপাশে৷ 
ব্ৰহ্মপুত্ৰ বায়’কেমৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত বিগত বহুদিন ধৰি ৰাইজে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ সম্প্ৰতি গাঁওবাসীৰ লগতে পশুধনলৈ নামি আহিছে ভয়ংকৰ বিপদ৷ উল্লেখ্য যে চৰকাৰে দুখীয়া হিতাধিকাৰীক সকাহ দিবলৈ যোগান ধৰা চাউল অধিকাংশ শ্ৰমজীৱী সংখ্যালঘু লোকে নাখায়৷ ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ব্ৰহ্মপুত্ৰ বায়’কেম প্ৰাঃ লিমিটেডে চৰাঞ্চলৰ সমবায় সমিতিৰ এজেণ্ট, দালাল চক্ৰটোক মেনেজ কৰি অতি  কম মূল্যত বিনামূলীয়া চাউল ক্ৰয় কৰি আহিছে৷ বিনামূলীয়া চাউল ক্ৰয় কৰি সুৰা, স্পিৰিট প্ৰস্তুত কৰি উদ্যোগটোৱে চলাই গৈছে ৰমৰমীয়া বেহা৷ ৰাইজৰ অভিযোগ– ব্ৰহ্মপুত্ৰ বায়’কেম প্ৰাঃ লিমিটেডৰ পৰা অঞ্চলটোৰ ৰাইজৰ বৃহৎ ক্ষতি হৈছে৷ বাৰীৰ তামোল-পাণ, পুখুৰীৰ মাছ মৰি গৈছে৷ বৃহৎ অঞ্চলত বতাহত ছাই উৰি থাকে৷ মুঠতে এক দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে উদ্যোগটোৰ চৌপাশত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here