Home Daily news ৰাজ্যৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী

ৰাজ্যৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী

২০২৮-২৯ চনৰ ভিতৰত অৰুণাচল প্ৰদেশত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি মুঠ ৬টা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দেশৰ শক্তি খণ্ডৰ দ্ৰুত উন্নয়নৰ স্বাৰ্থতে উক্ত প্ৰকল্পকেইটাৰ কাম শীঘ্ৰে সমাপ্ত কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ অসমৰ বিভিন্ন দল-সংগঠনৰ তীব্ৰ বিৰোধিতাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰি তুলিছে৷ অহা আগষ্ট মাহত প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ উৎপাদন আৰম্ভ হ’ব৷ আনহাতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণৰূপে সমাপ্ত হ’ব৷ মন কৰিবলগীয়া কথা যে অৰুণাচল প্ৰদেশ হৈছে অতি ভূকম্পন এলেকাৰ অন্তৰ্গত৷ সেয়েহে এনে অঞ্চলত বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত সৃষ্টি হ’ব পৰা ভয়াৱহ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিশেষজ্ঞসকলে পূৰ্বৰে পৰাই  বৃহৎ বান্ধৰ বিৰোধ কৰি আহিছে৷ এই প্ৰকল্পসমূহ ৰূপায়ণ হৈ উঠাৰ পাছত খৰালি ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ একেবাৰে হ্ৰাস পোৱাৰ লগতে বাৰিষা বান্ধৰ পানী খুলি দিয়াৰ বাবে নামনি অংশত বানে তাণ্ডৱৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷  মাথোঁ বিদ্যুৎ উৎপাদনৰ স্বাৰ্থতে অৰুণাচল প্ৰদেশত ইটোৰ পাছত সিটোকৈ নদীবান্ধ নিৰ্মাণৰ বাবে উঠিপৰি লাগিছে৷ যাৰ ফলত অনাগত সময়ত অসমত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...