ৰঙা চাহ খোৱাৰ অভ্যাস কেতিয়াও নেৰিব কিয় ?

0
541

চাহ হ’ল অসমৰ আপুৰুগীয়া সম্পদ ।
চাহ কাপৰ অবিহনে অসমীয়া বা ভাৰতীয় মানুহৰ ৰাতিপুৱাটোৱেই যেন আধৰুৱা । ঘৰলৈ আহিলে বা ক’ৰবালৈ ওলাই গলেও চাহ কাপৰ অবিহনে যেন ই এক আধৰুৱা । গতিকে আপুনি জানেনে লাল চাহ খালে কি হয়? হৃদ ৰোগৰ পৰা সকাহ পোৱাত লাল চাহে সহায় কৰে। লাল চাহ সৰু ল’ৰা- ছোৱালী পেটৰ বিষৰ সমস্যা দূৰ কৰাত সহায় কৰে । লাল চাহত প্ৰচুৰ পৰিমাণে কেলচিয়াম , মেগনেচিয়াম , কপাৰ আৰু জিংক থাকে । লাল চাহ খালে মানসিক ৰোগ আৰু নাৰ্ভৰ ৰোগৰ পৰা আৰাম পোৱা যায় । লাল চাহত থকা আলফা হাইড্ৰক্সেল এচিড আৰু জিংক ছালৰ বাবে খুবেই উপকাৰী । লাল চাহ খালে আমাৰ টোপনি ভাল হয় । লাল চাহে শৰীৰৰ বয়সৰ চাপ কমাত সহায় কৰে । লাল চাহ মানুহ শৰীৰৰ Boots immune ক্ষমতা বঢ়ায় । নিয়মিত লাল চাহ খালে আপোনাৰ শৰীৰৰ অলাগতিয়াল চৰ্বি কমাত সহায় হয় । লাল চাহে কেলষ্টৰেল কমাতো সহায় কৰে । লাল চাহ খালে গেছৰ সমস্যাৰ পৰাও দূৰত থাকিব পাৰি ।
সেয়েহে একাপ লাল চাহেৰে সুন্দৰকৈ পুৱাটো উপভোগ কৰি দিনবোৰ আৰম্ভ কৰি যাওক আৰু সুস্থ হৈ থাকক ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here