বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীখন ক’ত?

0
1171

বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত নদীখন কি আৰু ক’ত অৱস্থিত আপোনাৰ নিশ্চয় জানিবলৈ মন যায়৷ বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীখন হৈছে ৰবি নদী আৰু এই নদীখনত পাকিস্তানত অৱস্থিত৷ পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ৰাজধানী লাহোৰৰ মাজেৰে বৈ যোৱা ৰবি নামৰ নদীখনে বিশ্বৰ ভিতৰতে প্ৰদূষিত নদী হিচাপে চিহ্নিত হৈছে৷ শেহতীয়াকৈ য়ৰ্ক বিশ্ববিদ্যালয়ে চলোৱা এক অধ্যয়নৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত প্ৰচিডিংছ অব্‌ দ্য নেশ্যনেল একাডেমী অব্‌ ছায়েঞ্চ-এ বিস্তৃতভাৱে প্ৰকাশ কৰে৷ অধ্যয়নটো মতে নদীখনৰ পানীত অভাৱনীয়ভাৱে পেৰাছিটামল, নিক’টিন, কেফেইন, মধুমেহ ৰোগৰ ঔষধৰ উপাদান ধৰা পৰিছে৷ ইয়াৰ ফলস্বৰূপেই ৰবি নামৰ নদীখনৰ পানী দূষিত হৈ পৰিছে৷ এইদৰে হোৱা প্ৰদূষণৰ ফলত নদীখনে পৰিৱেশৰ লগতে মানৱ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here