Home Daily news ৰাজ্যৰ কোনখন হাস্পতালে পালে এন এ বি এইচৰ স্বীকৃতি

ৰাজ্যৰ কোনখন হাস্পতালে পালে এন এ বি এইচৰ স্বীকৃতি

গুৱাহাটীৰ মালিগাঁওস্থিত স্বাগত হাস্পতালে লাভ কৰিছে এন এ বি এইচৰ স্বীকৃতি৷ ‘নেচনেল এক্ৰিডিয়েশ্যন ব’ৰ্ড ফৰ হাস্পতালছ এণ্ড হেলথ কেয়াৰ প্ৰভাইডাৰ্ছ’ চমুকৈ এন এ বি এইচ হৈছে কোৱালিটি কাউন্সিল অব্‌ ইণ্ডিয়াৰ এক সাংবিধানিক পৰিষদ৷ এই সংস্থাৰ মূল উদ্দেশ্য হৈছে স্বাস্থ্য সেৱাৰ সৈতে জড়িত সংস্থাসমূহক পৰ্যবেক্ষণৰ ভিত্তিত মান্যতা প্ৰদান কৰা৷ কোৱালিটি কাউন্সিল অব্‌ ইণ্ডিয়া আৰু ইয়াৰ অধীনস্থ নেশ্যনেল এক্ৰিডিয়েশ্যন ব’ৰ্ড ফৰ হাস্পতাল এণ্ড হেলথ কেয়াৰ প্ৰভাইডাৰ্ছৰ দৰে সংস্থাই কঠোৰ স্বাস্থ্য সেৱাৰ মানৰ ওপৰত ভিত্তি কৰি হাস্পতাল আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলক বাছনি কৰে৷
এই ক্ষেত্ৰত বিভিন্নধৰণৰ ছশটা দিশৰ ওপৰত হাস্পতালেসমূহৰ পৰ্যালোচনা কৰা হয়৷ ইয়াৰ ভিতৰত আছে ৰোগীকেন্দ্ৰিক মান আৰু অনুষ্ঠানকেন্দ্ৰিক মান৷ এই মান্যতা লাভ কৰাৰ বাবে হাস্পতালসমূহে পঞ্জীয়ন, অন্তৰ্ভুক্তি, প্ৰি-ছাৰ্জাৰী, পেৰী-ছাৰ্জাৰী আৰু প’ষ্ট-ছাৰ্জাৰী প্ৰট’কলৰ লগতে ৰোগীক হাস্পতালৰ পৰা যাবলৈ দিয়া আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো বিস্তৃত পৰ্যবেক্ষণ চলোৱা হয়৷ এন এ বি এইচে গুণমান সম্পন্ন সেৱা আৰু ৰোগীৰ সুৰক্ষাৰ বিষয়টোক মূল বিষয়বস্তু হিচাপে লৈ হাস্পতালে এখনৰ সমগ্ৰ পৰিচালন ব্যৱস্থাটোৰ পৰ্যালোচনা চলায়৷ সংস্থাটোৱে প্ৰতিবছৰে এই ক্ষেত্ৰত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ হাস্পতালৰ লগতে চৰকাৰী হাস্পতালৰো নিৰীক্ষণ কৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...