কোন ব্লাড গ্ৰুপৰ লোকৰ প্ৰতি মহ বেছি আকৃষ্ট হয়

0
152

মহ অতি বিৰক্তিকৰ৷ সন্ধিয়া বা পুৱাৰ ভাগত মহে খুব বেছি কামুৰিবলৈ ধৰে৷ গধূলি সময়ত কিছু গুৰুত্বপূৰ্ণ কাম ব্যস্ত থকাৰ সময়ত, পঢ়াৰ টেবুলত, গধুৰ বিষয়ক লৈ আড্ডা মৰা সময়ত মহে কামুৰি অশান্তিৰ সৃষ্টি কৰে৷ মহৰ কামোৰ আৰু ইয়াৰ বিৰক্তিকৰ শব্দত অতিষ্ঠ হোৱাই নহয়, এক অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ তদুপৰি মহে কামোৰাৰ ফলত মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ আদিৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি হয়৷ কি পৰিস্থিতি বা কেনেধৰণৰ মানুহক মহে বেছি আক্ৰমণ কৰে, সেইটো কিন্তু বিচাৰ্যৰ বিষয়৷ গৱেষণা তথা অধ্যয়নৰ পৰা এই সম্পৰ্কে কিছু কথা জনা হৈছে৷ গৱেষণাই কি কয় জানো আহক৷ সাধাৰণতে তেজৰ অন্য গ্ৰুপৰ লোকৰ তুলনাত ও গ্ৰুপৰ লোকক মহে বেছি আক্ৰমণ কৰে৷
যিসকলৰ শৰীৰৰ ঘামৰ মাধ্যমেৰে লেক্টিক এচিড, ইউৰিক এচিড, এমিন’ এচিড বেছি পৰিমাণে নিৰ্গত হয়, সেইসকল লোকৰ প্ৰতি মহে সহজে আকৃষ্ট হয় আৰু কামোৰে৷
যিসকল লোকৰ শৰীৰৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ বেছি পৰিমাণে নিৰ্গত হয়, তেনে লোকক প্ৰতি মহে কামোৰাতো সহজে পচন্দ কৰে৷
আনহাতে মানুহৰ জিনৰ ওপৰতো মহে কামোৰাটো নিৰ্ভৰ কৰে৷ মানুহৰ জিনৰ লগত লগতে মহে কম বা বেছি কামোৰাৰ সম্পৰ্ক আছে৷
অতিৰিক্ত মেদযুক্ত ব্যক্তি বা অন্তঃসত্ত্বা মহিলাৰ প্ৰতি মহে যথেষ্ট পৰিমাণে আকৰ্ষিত হয়৷ সেয়েহে এনে লোকক মহে কামুৰিবলৈ সহজে বাছি লয়৷
আপুনি যদি বীয়েৰ সেৱন কৰে, তেতিয়াহ’লে মহে আপোনাৰ বেছিকৈ কামুৰিব৷ কিয়নো বীয়েৰ খোৱাৰ ফলত শৰীৰৰ পৰা ইথানলৰ গোন্ধ বাহিৰ হয়৷ ইথানলৰ গোন্ধে মহক সহজে আকৰ্ষণ কৰে বাবে বীয়েৰ সেৱন কৰা মানুহক মহে কামুৰিবলৈ লয়৷
গাঢ় বা ক’লা ৰঙৰ প্ৰতি মহ সহজে আকৰ্ষিত হয়৷ সেয়েহে যিসকলে এই ৰঙৰ কাপোৰ পৰিধান কৰে, তেনে লোকক মহে কামুবিলৈ বাছি লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here