Home Daily news ৰাজ্যৰ কেইবা ঠাইতো কোটি কোটি টকাৰ ড্ৰাগ্‌ছ দাহ

ৰাজ্যৰ কেইবা ঠাইতো কোটি কোটি টকাৰ ড্ৰাগ্‌ছ দাহ

ড্ৰাগ্‌ছৰ বিৰুদ্ধে নলবাৰীৰ আৰক্ষীৰ অভিযান অব্যাহত আছে৷ এই অভিযানত নলবাৰীৰ আৰক্ষীয়ে জিলাখনৰ পৰা জব্দ কৰিছে কোটি কোটি টকাৰ ড্ৰাগ্‌ছ৷ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা ৪৯ কোটি টকাৰ ড্ৰাগ্‌ছ টিহু থানাৰ অন্তৰ্গত ২নং নাথকুছিৰ ইটাভাতীত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথ আৰু দণ্ডাধীশৰ উপস্থিতিত নলবাৰী ড্ৰাগ্‌ছ ডিচ্‌পজেল কমিটীয়ে জ্বলাই দিয়ে৷ ইয়াৰ ভিতৰত ৩৫ হাজাৰ কেপছুল, ১২শ কেজি পাউডাৰ, কফ ছিৰাপ আৰু আপত্তিজনক সামগ্ৰী আছিল৷ উল্লেখ্য যে আদালতৰ নিৰ্দেশ মৰ্মে ড্ৰাগ্‌ছসমূহ জ্বলাই দিয়া হয়৷ মৰিগাঁৱত দুই কোটি টকাৰ ড্ৰাগ্‌ছ দাহ কৰে৷ 
প্ৰায় দুই কোটি টকাৰ নিষিদ্ধ ড্ৰাগ্‌ছ জ্বলাই দিয়ে মৰিগাঁও আৰক্ষীয়ে৷ চলিত বৰ্ষৰ জুন মাহলৈ মৰিগাঁও আৰক্ষীয়ে চলোৱা ড্ৰাগ্‌ছ-বিৰোধী অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগ্‌ছ, হেৰ’ইন, নিচাজাতীয় সামগ্ৰী গাঞ্জাকে ধৰি বহু পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰিবলৈ সক্ষম হৈছিল৷ মৰিগাঁও চহৰৰ সমীপৱত¹ হেকেনামৰাৰ এটা ইটাভাতীত ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত ড্ৰাগ্‌ছ দাহন কাৰ্যত মৰিগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷ দলগাঁৱত আৰক্ষী-প্ৰশাসনে জ্বলাই দিলে ছয় লক্ষাধিক টকাৰ নিচাযুক্ত দ্ৰব্য৷ খাৰুপেটীয়াৰ নেপালী বজাৰৰ সমীপৰ টাংনি নৈৰ পাৰত দাহন কৰে নিচাজাতীয় দ্ৰব্যখিনি৷ খাৰুপেটীয়া আৰক্ষীৰ সহযোগত দৰং জিলা আৰক্ষীয়ে দাহন কৰে বুজন পৰিমাণৰ গাঞ্জা, ব্ৰাউন ছুগাৰ, হেৰ’ইন, কফ ছিৰাপ, নিচাজাতীয় টেবলেট আদি৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,