একেৰাহে ষষ্ঠবাৰৰ বাবে আটাইতকৈ পৰিষ্কাৰৰ স্থানত কোনখন মহানগৰ

0
265

কেন্দ্ৰীয় চৰকাৰৰ বাৰ্ষিক স্বচ্ছতা জৰীপৰ ফলসমূহ ঘোষণা কৰা হয়৷ মধ্য প্ৰদেশৰ ইন্দোৰ একেৰাহে ষষ্ঠবাৰৰ বাবে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ মহানগৰ হিচাপে পৰিগণিত হয়৷ দ্বিতীয় স্থান লাভ কৰে গুজৰাটৰ চুৰাটে আৰু তৃতীয় স্থান লাভ কৰে মহাৰাষ্ট্ৰৰ নৱি মুম্বায়ে৷ ‘স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ড ২০২২’ত বেষ্ট পাৰফৰমিং ষ্টেটছ শ্ৰেণীত প্ৰথম স্থান লাভ কৰে মধ্য প্ৰদেশে৷ দ্বিতীয় স্থান পায় ছট্টিশগড়ে আৰু তৃতীয় স্থান পায় মহাৰাষ্ট্ৰই৷ ইন্দোৰ আৰু চুৰাটে বৃহৎ মহানগৰৰ ভিতৰত তেওঁলোকৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখে৷ আনহাতে বিজয়বাড়াক চেৰ পেলাই নৱি মুম্বায়ে তৃতীয় স্থান অধিকাৰ কৰে৷ ১০০তকৈ কম স্থানীয় নিকায় থকা ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰে ত্ৰিপুৰাই৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইয়াত এটা অনুষ্ঠানত বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here