দুগ্ধ সমবায় হিচাপে কোনে পালে এন চি ডি এফ আই বঁটা

0
165

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে ছিকিমৰ ৰাজধানী গেংটকত অনুষ্ঠিত ইষ্টাৰ্ন এণ্ড নৰ্থ-ইষ্টাৰ্ন ক’-অপাৰেটিভ ডেইৰী কনক্লেভ, ২০২২-ত অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায়, পূৰবী ডেইৰীক আনুষ্ঠানিক বিক্ৰেতা হিচাপে দ্বিতীয় শ্ৰেষ্ঠ দুগ্ধ সমবায় হিচাপে নেশ্যনেল ক’-অপাৰেটিভ ডেইৰী ফেডাৰেশ্যন অব্‌ ইণ্ডিয়া লিমিটেড বঁটা প্ৰদান কৰে৷ গেংটকত অনুষ্ঠিত হোৱা  ইষ্টাৰ্ন এণ্ড নৰ্থ-ইষ্টাৰ্ন ক’অপাৰেটিভ ডেইৰী কনক্লেভ, ২০২২ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে৷ এই নিৰ্বাচক সভা নেশ্যনেল ক’অপাৰেটিভ ডেইৰী ফেডাৰেশ্যন অব্‌ ইণ্ডিয়া লিমিটেডে ছিকিম ক’-অপাৰেটিভ মিল্ক প্ৰডিউচাৰ্ছ ইউনিয়ন লিমিটেড আৰু ছিকিম চৰকাৰৰ সহযোগত অনুষ্ঠিত কৰে৷
NCDFI-ৰ অধ্যক্ষ মংগল জিত ৰায়ে দুগ্ধ সমবায়ৰ ক্ষেত্ৰত, বিশেষভাৱে দুগ্ধ উৎপাদনকাৰীসকলৰ বাবে বিশেষ বানচ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে, যিয়ে ছিকিম ৰাজ্যক উচ্ছ বিকাশৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সহায় কৰিছে৷ NCDFI পূৰ্ব আৰু পূৰ্বোত্তৰ ভাৰতত দুগ্ধ সমবায়ৰ ক্ষেত্ৰত আৰু অধিক উন্নতিৰ আশা ৰাখিছে বুলি তেওঁ উল্লেখ কৰে৷ ছিকিম মিল্ক ইউনিয়নে প্ৰথম স্থান, পূৰবী ডেইৰীয়ে [ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ ক’-অপাৰেটিভ ইউনিয়ন লিমিটেড] দ্বিতীয় স্থান, আনহাতে মাদাৰ ডেইৰী, কলকাতাই তৃতীয় শ্ৰেষ্ঠ দুগ্ধ সমবায় হিচাপে বঁটা লাভ কৰে৷ তাৰ লগতে সুধা [বিহাৰ], মেধা [ঝাৰখণ্ড], অমফেড [ওড়িষা], ভাগীৰথী [পশ্চিম বংগ], আৰু ডিমুল [নগালেণ্ড] এই সমবায়কেইটাই সক্ৰিয় অংশগ্ৰহণকাৰীৰূপে বঁটা লাভ কৰে৷ WAMULৰ বাবে এই বঁটা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ পৰা গ্ৰহণ কৰে WAMULৰ অধ্যক্ষ মিনেশ শ্বাহ আৰু WAMULৰ প্ৰবন্ধ নিৰ্দেশক এছ বি বসুৱে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here