Home Daily news ৰাজ্যত হ’ব অত্যাধুনিক সংযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল

ৰাজ্যত হ’ব অত্যাধুনিক সংযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল

দেশৰ স্বাস্থ্য সেৱা উদ্ভাৱনৰ ক্ষেত্ৰত এক নতুন দিনৰ সূচনা হ’ল৷ আই আই  টি, গুৱাহাটীত এখন অত্যাধুনিক সংযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰ আৰু ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টিৰ মাজত এখন বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ হয়৷
এই চিকিৎসালয় তথা গৱেষণা প্ৰকল্প ৰূপায়ণে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা শিক্ষা আৰু গৱেষণাৰ দৃশ্যপট বহুখিনি শক্তিশালী কৰিব৷ অসম চৰকাৰে এই প্ৰকল্পত মুঠ ৫৪৬ কোটি  টকা বিনিয়োগ কৰিব৷ 
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনৰ বাবে আই আই টি, গুৱাহাটী আৰু ৰাজ্য চৰকাৰৰ মাজত চুক্তি সম্পাদন হয়৷ 
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই পদক্ষেপে শেহতীয়া প্ৰযুক্তি আৰু বৈজ্ঞানিক উদ্ভাৱনৰ ব্যৱহাৰৰ জৰিয়তে  চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত অত্যাধুনিক গৱেষণাৰ এখন মঞ্চ হিচাপে পৰিগণিত হ’ব৷ ৰাজ্য চৰকাৰে এই প্ৰতিষ্ঠানৰ বাবে ৫৪৬ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াব আৰু আই আই টিয়ে মাটিৰ ব্যৱস্থা কৰিব৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই  কয় যে উদ্ভাৱন আৰু গৱেষণাত  আমাৰ দেশ প্ৰতিযোগী হৈ থাকিব আৰু আগবাঢ়ি যাব৷ উল্লেখ্য যে এই যৌথ প্ৰতিষ্ঠানৰ অংশীদাৰিত্বৰ পৰিস¸ৰসমূহ হ’ব গৱেষণা প্ৰতিষ্ঠান আৰু স্নাতকোত্তৰ চিকিৎসা মহাবিদ্যালয়þ স্থাপন, ডি এন বি, এম ডি, এম এছ, এম ডি-পি এইচ ডি  আদি উন্নত চিকিৎসা শিক্ষাৰ ডিগ্ৰী প্ৰদান৷ ৩৫০খন বিছনাযুক্ত  সংযোজিত মাল্টি স্পেচিয়েলিটি হাস্পতাল৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...