Home Daily news ৰাজ্যত প্ৰথমবাৰলৈ ড্ৰনেৰে সাৰ প্ৰয়োগ : ক’ত ?

ৰাজ্যত প্ৰথমবাৰলৈ ড্ৰনেৰে সাৰ প্ৰয়োগ : ক’ত ?

অসমত প্ৰথমবাৰৰ বাবে তেজপুৰৰ নিকটৱৰ্তী পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে সাৰ প্ৰয়োগ কৰা পদ্ধতিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ  উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷  অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প, চমুকৈ এপাৰ্ট, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ  উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু  পৰীক্ষণ প্ৰতিষ্ঠান, ইফক’ আৰু বি চি এছৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন, জিলা কৃষি বিভাগ, আই চি চি অ’ এ আৰু বিন্দুকুৰিৰ  মজিয়া কৃষি উৎপাদক গোটৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড॰ পি পি ৰাও, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা,  ইফক’ৰ উপ- মহাপ্ৰবন্ধক বেদ পাল আৰু বেয়াৰ কোম্পানীৰ খাদ্য শৃংখল প্ৰবন্ধক নন্দিনী মণ্ডল, জিলা কৃষি বিষয়া পংকজ শইকীয়া, আই চি চি অ’ এৰ জিলা বিষয়া কিশোৰ বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অংগনা শৰ্মা, মহকুমা কৃষি বিষয়া [উদ্যান শস্য] প্ৰাঞ্জল শৰ্মা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ড॰ খনীন্দ্ৰ বৰ্মন, প্ৰণৱ বৰাৰ লগতে উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি৷ ড্ৰনৰ যোগেদি পথাৰত পৰীক্ষামূলকভাৱে নেন’ ইউৰিয়া প্ৰয়োগৰ পাছতে কৃষকসকলৰ এই পদ্ধতিৰ বিষয়ে প্ৰদান কৰা হয় এক প্ৰশিক্ষণ৷ উল্লেখ্য যে এই ব্যৱস্থাৰ দ্বাৰা ১০ লিটাৰ নেন’ ইউৰিয়া কঢ়িয়াই লৈ যাব পৰা ড্ৰনখনে ৬ ৰ পৰা জ্জ্ব মিনিটৰ ভিতৰত তিনি বিঘা কৃষি পথাৰত নেন’ ইউৰিয়া প্ৰয়োগ কৰিব পাৰিব৷ এই অনুষ্ঠানত উত্তৰ-পূব আঞ্চলিক কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ড॰ পি পি ৰাৱে সদৰী কৰা অনুসৰি এই অত্যাধুনিক ড্ৰনখন ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা উপলব্ধ হোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে এই ড্ৰনখন বিনামূলীয়াকৈ আৰু কৃষি উৎপাদক গোটসমূহে ৮০ শতাংশ ৰেহাই দামত লাভ কৰিব৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...