ৰাজ্যত অধিক মেডিকেল কলেজ স্থাপনৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

0
238

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰৰ জখলাবন্ধাত আনুষ্ঠানিকভাৱে মুকলি কৰে নৱনিৰ্মিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়খন৷ উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে গায়ন-বায়নৰ খোল, তাল, দবা, শংখৰ ঝংকাৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত নৱনিৰ্মিত চিকিৎসালয়খন বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে৷ সভাখনত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাইজক উদ্দেশ্যি কয় যে এই চিকিৎসালয়খনকে শীঘ্ৰে  দুশখন বিছনাৰে জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ আঁচনি লৈছোঁ৷ তেওঁ আৰু কয় যে অসমত তিনিখন মেডিকেল কলেজৰ পৰা এতিয়া নখনলৈ বৃদ্ধি পালে৷ 
অহা বছৰত অসমত আৰু তিনিখন মেডিকেল কলেজ স্থাপন কৰাৰ কথা চিন্তা কৰিম৷ আমাৰ কাৰ্যকালৰ ভিতৰত অৰ্থাৎ ২০২৬ চনৰ ভিতৰত অসমত সৰ্বমুঠ ১৬ খন মেডিকেল কলেজ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত ২৪ খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে চৰকাৰৰ৷ পূৰ্বতে অসমত মাত্ৰ এখন কেঞ্চাৰ হস্পিটেল আছিল  বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পাছত গৈ গৈ আমি অসমত  আৰু জ্জখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ৷ এতিয়া সৰ্বমুঠ নখন কেঞ্চাৰ হস্পিটেল হ’লগৈ৷ এই বিত্তীয় বৰ্ষৰ ভিতৰত আৰু তিনিখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ কাম হাত লৈছোঁ৷ অহা তিনিটা বছৰৰ ভিতৰত মুঠ ১৮খন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিব খোজা বুলিও তেওঁ লগতে ভাষণত মন্তব্য কৰে৷ ৰেছন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়াৰ পৰিকল্পনা কৰা বুলি তেওঁ উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here