Home Daily news ৰাজ্যত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ || Once again huge consignment of...

ৰাজ্যত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ || Once again huge consignment of drugs seized in Guwahati

ৰাজ্যজুৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ড্ৰাগ্‌ছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও ৰাজ্যত এচাম ড্ৰাগ্‌ছ বেপাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি ব্যৱসায় চলাবলৈ অব্যাহত ৰাখিছে অপচেষ্টা৷ আৰক্ষীয়ে ড্ৰাগ্‌ছৰ বিৰুদ্ধে যিমানেই তীব্ৰ অভিযান চলাইছে, ড্ৰাগ্‌ছ সৰবৰাহকাৰীসকলে সলনি কৰিছে কৌশল৷ এইবাৰ টাটা ম’বাইলত এক বিশেষ কৌশল অৱলম্বন কৰি ড্ৰাগ্‌ছ সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগ্‌ছ সৰবৰাহকাৰী৷ লগতে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ হেৰ’ইন৷ প্ৰাপ্ত বাতৰি অনুসৰি, ডিমাপুৰৰ পৰা এখন টাটা ম’বাইল গাড়ীৰ গোপন চেম্বাৰত ড্ৰাগ্‌ছ কঢ়িয়াই অনাৰ এক গোপন খবৰ লাভ কৰাত আৰক্ষীয়ে নীলবাগানৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই গাড়ীখন জব্দ কৰাৰ লগতে ৩৩টা পেকেটত হেৰ’ইন উদ্ধাৰ কৰে৷ হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা আৰু ডি এছ পি ৰৌজি তালুকদাৰসহ আৰক্ষীৰ এটা দলে সহযোগ কৰে৷ লগতে এই সংক্ৰান্তত টাটা ম’বাইলৰ চালকজনক আৰক্ষীয়ে আটক কৰি অব্যাহত ৰাখিছে জেৰা৷ এই ড্ৰাগ্‌ছ সৰবৰাহত জড়িত আন দুই-তিনিজন লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই মন্তব্য কৰে৷ ইপিনে, জব্দকৃত ড্ৰাগ্‌ছখিনিৰ মূল্য আনুমানিক ২৩ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...