Home Daily news ৰাজ্যত অধিক মেডিকেল কলেজ স্থাপনৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

ৰাজ্যত অধিক মেডিকেল কলেজ স্থাপনৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰৰ জখলাবন্ধাত আনুষ্ঠানিকভাৱে মুকলি কৰে নৱনিৰ্মিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়খন৷ উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে গায়ন-বায়নৰ খোল, তাল, দবা, শংখৰ ঝংকাৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত নৱনিৰ্মিত চিকিৎসালয়খন বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে৷ সভাখনত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাইজক উদ্দেশ্যি কয় যে এই চিকিৎসালয়খনকে শীঘ্ৰে  দুশখন বিছনাৰে জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ আঁচনি লৈছোঁ৷ তেওঁ আৰু কয় যে অসমত তিনিখন মেডিকেল কলেজৰ পৰা এতিয়া নখনলৈ বৃদ্ধি পালে৷ 
অহা বছৰত অসমত আৰু তিনিখন মেডিকেল কলেজ স্থাপন কৰাৰ কথা চিন্তা কৰিম৷ আমাৰ কাৰ্যকালৰ ভিতৰত অৰ্থাৎ ২০২৬ চনৰ ভিতৰত অসমত সৰ্বমুঠ ১৬ খন মেডিকেল কলেজ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত ২৪ খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ পৰিকল্পনা আছে চৰকাৰৰ৷ পূৰ্বতে অসমত মাত্ৰ এখন কেঞ্চাৰ হস্পিটেল আছিল  বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পাছত গৈ গৈ আমি অসমত  আৰু জ্জখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ৷ এতিয়া সৰ্বমুঠ নখন কেঞ্চাৰ হস্পিটেল হ’লগৈ৷ এই বিত্তীয় বৰ্ষৰ ভিতৰত আৰু তিনিখন কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ কাম হাত লৈছোঁ৷ অহা তিনিটা বছৰৰ ভিতৰত মুঠ ১৮খন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিব খোজা বুলিও তেওঁ লগতে ভাষণত মন্তব্য কৰে৷ ৰেছন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়াৰ পৰিকল্পনা কৰা বুলি তেওঁ উল্লেখ কৰে৷

Most Popular

জিভাখন চাফা নকৰিলেকি কি ৰোগ হ’ব পাৰে

আমাৰ শৰীৰৰ অত্যন্ত প্ৰয়োজনীয় অংগৰ ভিতৰত জিভাখন অন্যতম৷ কিন্তু শৰীৰৰ আন অংগৰ সমান্তৰালভাৱে জিভাখনৰ যত্নত আওকাণ কৰা দেখা...

সাৱধান ! বিশ্বজুৰি ভয়ংকৰভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ

বিশ্বজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা৷ এই বায়ু প্ৰদূষণৰ ফলতে বছৰি লাখ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ আনহাতে গোলকীয় উষ্ণতা বৃদ্ধিৰ...

ভাৰতীয় কফ ছিৰাপৰ বিৰুদ্ধেWHO-ৰ সতৰ্কীকৰণ

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-ই পৰামৰ্শ দিছে যে নয়দা-ভিত্তিক মেৰিয়ন বায়’টেক কোম্পানীয়ে প্ৰস্তুত কৰা দুটা কফ ছিৰাপ উজবেকিস্তানত শিশুসকলৰ বাবে...

প্ৰস্ৰাৱৰ এইধৰণৰ সমস্যাবোৰে বুজাই দিয়েকিডনীজনিত বিকাৰৰ কথা

শৰীৰক সুস্থ ৰখাত কিডনীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সেয়ে কিডনীৰ সুস্থতা অতি জৰুৰী৷ কিডনীৰ সমস্যা হ’লে প্ৰথমে ধৰা নপৰে৷ প্ৰায় ৮০-৯০ শতাংশ কিডনী ক্ষতিগ্ৰস্ত...