গৰ্ভজাত শিশুটিৰ আয়ডিনৰ প্ৰয়োজনীয়তা কিমান ?

0
566

আয়ডিন হৈছে এনে এবিধ উপাদান, যি আমাৰ শৰীৰৰ বাবে অিত প্ৰয়োজনীয়৷ শৰীৰত আয়ডিনৰ অভাৱ হ’লে বিভিন্ন সমস্যাই দেখা দিয়ে৷ বিশেষকৈ, গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ শিশুলৈ ইয়াৰ প্ৰভাৱ বেছিকৈ পৰে৷ গৰ্ভৱতী অৱস্থাত দেহত আয়ডিনৰ অভাৱ হ’লে জন্ম দিয়া শিশুটিৰ Cretinism ৰোগ হ’ব পাৰে৷ এনে অৱস্থাত গৰ্ভস্থ শিশুৰ মগজু আৰু দৈহিক বিকাশ সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হয়৷ এনে শিশু শাৰীৰিকভাৱে দুৰ্বল আৰু অজলাৰ দৰে হয়৷ শিশুৰ মুখ ফুলা, জিভাখন বাহিৰ ওলাই থকা আৰু বুদ্ধিহীন লক্ষণৰ দৰে হয়৷ আনকি এনে শিশুৰ কাণ কলাও হ’ব পাৰে৷ সেয়েহে গৰ্ভাৱস্থাতে শিশুটিক পৰ্যাপ্ত আয়ডিন যোগান ধৰাটো অত্যন্ত প্ৰয়োজনীয়৷
ইয়াৰ বাবে গৰ্ভৱতী মহিলাগৰাকীয়ে পৰ্যাপ্ত পৰিমাণে আয়ডিনযুক্ত নিমখ খাব লাগে৷
একাপ গাখীৰত ৫৬ মাইক্ৰ’গ্ৰাম আয়ডিন পোৱা যায়, যিয়ে আয়ডিনৰ অভাৱ দূৰ কৰাৰ লগতে ইয়াত থকা কেলচিয়াম আৰু ভিটামিন-ডিয়ে হাড় মজবুত কৰাতো সহায় কৰে৷
আপুনি যদি আপোনাৰ শিশুটিৰ মগজুৰ বিকাশ সঠিক ৰূপত কৰিব বিচাৰিছে, তেন্তে আপোনাৰ শিশুটিক প্ৰচুৰ পৰিমাণে আয়ডিন দিয়ক৷ সাগৰীয় মাছত প্ৰচুৰ পৰিমাণে আয়ডিন পোৱা যায়৷ ইয়াত থকা প্ৰয়োজনীয় উপাদানে শিশুটিৰ স্মৰণ শক্তি বৃদ্ধিত সহায় কৰে৷
আয়ডিনৰ উত্তম উৎস হৈছে ব্ৰাউন ৰাইচ৷ ইয়াত থকা ফাইবাৰে LDL কলেষ্টৰেল হ্ৰাস কৰাতো সহায় কৰে৷
দৈনিক তিনিটাকৈ খিচমিচ খালে শৰীৰে ৩৪ মাইক্ৰ’গ্ৰাম আয়ডিন লাভ কৰে৷ সেয়েহে পৰ্যাপ্ত পৰিমাণৰ আয়ডিন গ্ৰহণ কৰি আয়ডিনৰ অভাৱ হ’ব পৰা সমস্যাবোৰ প্ৰতিৰোধ কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here