Home Daily news ৰহস্যময় মৰুভূমি ! গৰম নহয়, য’ত বৰফ পৰে ক’ত জানেনে ?

ৰহস্যময় মৰুভূমি ! গৰম নহয়, য’ত বৰফ পৰে ক’ত জানেনে ?


পৃথিৱীত সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ মৰুভূ্‌মি আছে৷ ইয়াৰ ভিতৰত ভাৰতৰ থৰ আৰু আফ্ৰিকাৰ থৰ মৰুভূমিৰ নাম নিশ্চয় শুনিছে৷ মৰুভূমিবোৰ সাধাৰণতে শুষ্ক, বালিময় আৰু দিনৰ ভাগত প্ৰচণ্ড গৰম হয়৷ ইয়াত মানুহৰ বাসোপযোগী পৰিৱেশ পোৱা নাযায়৷ কিন্তু এইখন পৃথিৱীত এনেকুৱা মৰুভূমিও আছে, য’ত গৰম নহয়, হিমপাতহে নহয়৷ হয়, শুনি নিশ্চয় আচৰিতেই হৈছে৷ কিন্তু একেবাৰে সঁচা কথা৷ আমি উল্লেখ কৰিব খোজা মৰুভূমিখনত বৰফ পৰে৷ আনহাতে এইখন মৰnভূমি বিশ্বৰ ভিতৰত আটাইতকৈ সৰু মৰুভূমি৷ এই মৰুভূমিখন ইমানেই সৰু যে আপুনি খোজকাঢ়িয়েই পাৰ হ’ব পাৰে৷ এই মৰুভূমিখন আছে কানাডাৰ য়ুকুনত৷ এই মৰুভূমিখনৰ নাম হ’ল কাৰক্ৰছ ডেজাৰ্ট৷ মৰুভূমিখনৰ কালি মাত্ৰ এক বৰ্গমিটাৰ৷ এই মৰুভূমিখনত চলা-ফিৰা কৰিলে অকণো ভাগৰ নালাগে৷ এই মৰুভূমিখনৰ নাম এখন গাঁৱৰ নামেৰে কাৰক্ৰছ ডেজাৰ্ট ৰখা হৈছে৷ এই মৰুভূমিখন শীতল হোৱাৰ লগতে ইয়াত হিমপাত হোৱাৰ প্ৰধান কাৰণ হ’ল ই সমুদ্ৰপৃষ্ঠৰ পৰা যথেষ্ট উচ্চতাত আছে৷ সেয়ে আন মৰুভূমিৰ তুলনাত ইয়াৰ তাপমাত্ৰা যথেষ্ট কম৷ শীতকালত ইয়াত যথেষ্ট হিমপাত হয় বাবে সেই সময়ত পৰ্যটকৰ যথেষ্ট সমাগম হয় আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...