টাইগ্ৰীছৰ পাৰত ৰহস্যময় সাম্ৰাজ্যৰ সন্ধান লাভ !

0
171

টাইগ্ৰীছ নদীৰ কাষত এখন প্ৰাচীন মহানগৰৰ সন্ধান পোৱা গৈছে৷ এই মহানগৰখন প্ৰাচীন মিট্টানি সাম্ৰাজ্যৰ আছিল৷ এই নগৰখন মিট্টানিৰ আটাইতকৈ পুৰণি মহানগৰ জখিকু হ’ব পাৰে বুলি পুৰাতত্ত্ববিদসকলে অনুমান কৰিছে৷ টাইগ্ৰীছ নদীৰ পানী শুকুওৱাৰ ফলত এই মহানগৰখন ওলাই পৰে৷ এই স্থানৰ পৰা গৱেষকসকলে চীনা মাটিৰে নিৰ্মিত পাঁচখন জাহাজ, আখৰ লিখা থকা কেইখনমান মাটিৰ ফলক, মাটিৰে তৈয়াৰ কৰা লেফাফা, ভালেমান ৰং-বিৰঙৰ প্ৰাচীন সামগ্ৰী উদ্ধাৰ হয়৷ বিশেষজ্ঞসকলে নক্সা তৈয়াৰ কৰি নগৰখনৰ ইতিহাসৰ বিষয়ে তথ্য লাভ কৰিছে৷ তেওঁলোকে কয় যে ৩৫০০ বছৰ পুৰণি মহানগৰখনত এটা বিশাল মহল আৰু কেইবাটাও কেইবামহলীয়া অট্টালিকা, ওখ টাৱাৰ থকা এটা বিশাল দুৰ্গ, উদ্যোগিক পৰিসৰ আছিল৷ পুৰাতত্ত্ববিদসকলৰ মতে এই প্ৰাচীন মহানগৰখনে মিট্টানি যুগৰ অন্ত আৰু অছিৰিয়ান শাসনৰ আৰম্ভণিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ তথ্যৰ সন্ধান দিব পাৰে৷ জাৰ্মানি আৰু কুৰ্দৰ পুৰাতত্ত্ববিদসকলৰ এটা দলে ৩৫০০ বছৰ পুৰণি মহানগৰখন আৱিষ্কাৰ কৰে৷ উল্লেখ্য যে ইৰাকৰ তীব্ৰ খৰাঙৰ পৰিপ্ৰেক্ষিতত টাইগ্ৰীছ নদীৰ পানী একেবাৰে শুকাই গৈছিল৷ সেয়েহে ইয়াৰ কেইবাহাজাৰ বছৰ পুৰণি মহানগৰখনৰ ভগ্নাৱশেষ দেখা পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here