Home Daily news ৰবাব টেঙাৰ বাকলিৰ পৰা কেণ্ডী প্ৰস্তুত : ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত

ৰবাব টেঙাৰ বাকলিৰ পৰা কেণ্ডী প্ৰস্তুত : ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত

৩০সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ তেজপুৰত অনুষ্ঠিত ৰাজ্যিক সমাৰোহত যোৰহাট জিলাৰ পৰা বনাই উচ্ছ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ নীহাৰ দত্ত ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ কাৰণে নিৰ্বাচিত হৈছে৷ ৰবাব টেঙাৰ বাকলিৰ পৰা অসমীয়া কেণ্ডী প্ৰস্তুত কৰা প্ৰকল্পৰে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হয়৷ তেওঁৰ প্ৰকল্পৰ তত্ত্বাৱধায়ক বিদ্যালয়খনৰ শিক্ষক প্ৰাঞ্জল বৰা আৰু সহযোগী আছিল অবিনাশ তামুলী৷ যোৰহাটৰ পৰা এঘাৰজন শিশু বিজ্ঞানীয়ে এঘাৰটা প্ৰকল্প  ৰাজ্যিক সমাৰোহত উপস্থাপন কৰিছিল৷ সমাৰোহত ৩১খন জিলাৰ ২৭১টা প্ৰকল্প উপস্থাপন হৈছিল আৰু ৪টা প্ৰকল্প ৰাষ্ট্ৰীয়  পৰ্যায়লৈ নিৰ্বাচিত হয়৷ যোৰহাট জিলাৰ সমন্বয়ক ধীৰেন্দ্ৰ কুমাৰ গগৈ আৰু শৈক্ষিক সমন্বয়ক হেমেন কুমাৰ শইকীয়াৰ তত্ত্বাৱধানত যোৱা শিশু বিজ্ঞানীসকল হ’ল বনাই হাইস্কুলৰ নীহাৰ দত্ত, শ্ৰৱন্তীৰাণী শৰ্মা, টীয়ক জ্যোতি বিদ্যাপীঠৰ অৰিন্দমপ্ৰাণ শইকীয়া,মহেশ্বৰ বৰকটকী উচ্চ
তৰ মাধ্যমিক বিদ্যালয়ৰ অনন্যা গগৈ, নকছাৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ফাৰনাজ বেগম, বামুণপুখুৰী  হাইস্কুলৰ ঈশানজ্যোতি হাজৰিকা, কেন্দুগুৰি জাতীয় বিদ্যালয়ৰ অলিম্পিয়া বৰা, অনুসূচিত  জাতি নেপালী জনজাতি হাইস্কুলৰ ৰাহুল চেত্ৰী, পি এম ধলাজান উচ্চ
 মাধ্যমিকৰ দীপ্তি ৰজক, সীমান্তৱৰ্তী জনজাতীয় হাইস্কুলৰ বিজয়ন্তী ওৰাং আৰু ফুলবাৰী হাইস্কুলৰ বিকাশ শইকীয়া৷ যোৰহাট জিলা দলটোৰ তত্ত্বাৱধায়ক শিক্ষকৰূপে বনাই আৰু মহেশ্বৰ বৰকটকী বিদ্যালয়ৰ শিক্ষক প্ৰাঞ্জল বৰা, ৰশ্মিৰেখা ভৰালীয়ে দায়িত্ব বহন কৰিছিল৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহ ২৭-৩১ জানুৱাৰীলৈ আহমেদাবাদত অনুষ্ঠিত হ’ব৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,