মদ্যপান, বাইক ষ্টাণ্ট কৰা চালকৰবিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ

0
121

পথ সুৰক্ষাৰ ব্যৱস্থাৱলী বলৱৎ বিষয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু চৰকাৰী বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰে৷ পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে পথ সুৰক্ষাৰ দিশত কঠোৰ ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত আৰn আৰক্ষী অধীক্ষকসকলক পথ সুৰক্ষাৰ আচাৰ-বিধিসমূহ কঠোৰভাৱে বলৱৎ কৰিবলৈ নিৰ্দেশ দিয়ে৷ তেওঁ বাইক ষ্টাণ্ট, তীব্ৰ গতিৰে গাড়ী চলোৱা আৰু মদ্যপান কৰি গাড়ী চলোৱা চালকসকলৰ বিৰুদ্ধেও ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে৷ তেওঁ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু গুৰুত্বপূৰ্ণ পথসমূহত টহল তীব্ৰতৰ কৰিবলৈও নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে পথ দুৰ্ঘটনাৰ কাৰণসমূহ চিনাক্ত কৰি ইয়াৰ সবিশেষ বিশ্লেষণৰ জৰিয়তে সংশোধনীমূলক ব্যৱস্থাৰ দ্বাৰা পথ সুৰক্ষাৰ ক্ষেত্ৰত থকা ব্যৱস্থাৱলীসমূহ বলৱৎ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ 
মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক পথ দুৰ্ঘটনাৰ নিয়মীয়া পৰ্যালোচনা কৰিবলৈ কয় আৰু সঘনে দুৰ্ঘটনা সংঘটিত হোৱা স্থানসমূহ চিনাক্ত কৰিবলৈও নিৰ্দেশ দিয়ে৷ তেওঁ লগতে কয় যে জিলা পথ সুৰক্ষা সমিতিয়ে এনে দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ ল’ব লাগিব৷ দুৰ্ঘটনামুক্ত নৱবৰ্ষ উদ্‌যাপন নিশ্চিত কৰাত গুৰুত্ব দি মুখ্যমন্ত্ৰীয়ে অনাগত বছৰসমূহত দুৰ্ঘটনাৰ হাৰ ন্যূনতম ২০ শতাংশ হ্ৰাস কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ কয়৷ বনভোজস্থলীসমূহত কোনেও যাতে মদ্যপান কৰিব নোৱাৰে আৰু বনভোজৰ যাত্ৰী কঢ়িয়াই নিয়া গাড়ী যাতে দ্ৰুতগতিত চলাব নোৱাৰে সেই ক্ষেত্ৰতো চোকা দৃষ্টি ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে বনভোজস্থলীসমূহত অবৈধ সুৰাৰ বিক্ৰীৰ বিৰুদ্ধে আবকাৰী বিভাগৰ সৈতে অভিযান চলাবলৈও উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here