Home Daily news ৰব’টিক কল’ৰেক্‌টেল ছাৰ্জাৰী সম্পন্ন : ক’ত ?

ৰব’টিক কল’ৰেক্‌টেল ছাৰ্জাৰী সম্পন্ন : ক’ত ?

এপল’ কল’ৰেক্‌টেল ছাৰ্জাৰী প্ৰতিষ্ঠানে ৬ বছৰত সফলভাৱে ৫০০ৰো অধিক ৰব’টিক কল’ৰেক্‌টেল ছাৰ্জাৰী সম্পন্ন কৰে৷ ২০১৬ চনৰ পৰা এপল’ কল’ৰেক্‌টেল ছাৰ্জাৰী প্ৰতিষ্ঠানে ক’লন বা মলাশয়ৰ ৰোগী বিশেষকৈ কেঞ্চাৰ ৰোগীসকলক অত্যাধুনিক প্ৰযুক্তিসম্পন্ন ৰব’টিক পদ্ধতিৰ দ্বাৰা চিকিৎসা আগবঢ়াই আহিছে৷ কল’ৰেক্‌টেল কেঞ্চাৰ ৰোগীৰ সংখ্যা বিশেষকৈ ২০-৪০ বছৰ বয়সৰ ডেকাচামৰ মাজত যোৱা দুটা দশকত বৃদ্ধি পাই আহিছে আৰু ভাৰতবৰ্ষত বৰ্তমানে ৫৩,৭০০ ৰোগী এই ৰোগৰ সৈতে যুঁজ দি আছে৷ ই এক বিশ্বব্যাপী সমস্যা আৰু প্ৰাৰম্ভিক পৰ্যায়ত চিনাক্ত হ’লে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি৷ 
এপল’ হাস্পতালৰ কাৰ্যকৰী উপাধ্যক্ষা ডাঃ প্ৰীথা ৰেড্ডীয়ে কয় যে তেওঁলোকে এপল’ হাস্পতালত ২০১৬ চনৰ পৰা আধুনিক চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰি পিছৰ দশকলৈকে চিকিৎসা খণ্ডত বিশেষকৈ কেঞ্চাৰ ৰোগৰ চিকিৎসাত পৰিৱৰ্তন সাধন কৰিব বিচাৰিছে৷ তেওঁ কয় যে মলাশয়, বৃহদান্ত্ৰৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰতে এটা আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে তেওঁলোকে কল’ৰেক্‌টেল কেঞ্চাৰ বাবে ৰব’টিক আৰু লেপাৰ’স্কপিক ছাৰ্জাৰী আৰু গুহ্যদ্বাৰ, মলাশয়, পায়ু সংক্ৰান্তীয় আৰু পেলভিক ফ্ল’ৰৰ ৰোগৰ বাবে আধুনিক চিকিৎসা পদ্ধতি আগবঢ়াই আহিছে৷ উচ্ছ ক্ষমতাসম্পন্ন ৰব’টিক কল’ৰেক্‌টেল ছাৰ্জাৰীৰ দ্বাৰা খৰচৰ সঠিক মূল্যাংকন পোৱা যায়৷ এই পদ্ধতিৰ দ্বাৰা মলাশয়ৰ লগত জড়িত আন ৰোগ যেনে– কল’ৰেক্‌টেল বিসংগতি, পেলভিক বিসংগতি, ৰেক্‌টেল বিসংগতি, ৰেক্‌টেল কেঞ্চাৰ আদি ৰোগৰো চিকিৎসা পোৱা যায়৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,