শিশুক সোনকালে টোপনি নিয়াবলৈ কি কৰিব ?

0
237

ভাল টোপনিয়ে আমাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে দৈনিক আঠ ঘণ্টা শোৱাটো অতি আৱশ্যক৷ কিন্তু কম বয়সীয়া শিশুৰ ক্ষেত্ৰত দৈনিক ১০ ঘণ্টাৰ পৰা ১৩ ঘণ্টা শোৱা জৰুৰী৷ বয়সীয়াই হওক বা শিশুৱেই হওক পৰ্যাপ্ত পৰিমাণে টোপনি মাৰিলে নানা ৰোগ-ব্যাধিৰ পৰা হাত সাৰি থাকিব পাৰি৷ শিশুৰ ক্ষেত্ৰতো ভাল টোপনি আহিলে নতুন কিবা এটা শিকাৰ আগ্ৰহ বাঢ়ি আত্মস্থ সহজে হয়৷ শিশুৰ মানসিক বিকাশত সহায় কৰে৷ পঢ়া-শুনাত ভালদৰে মন বহে আৰু স্মৃতিশক্তিও অটুট থাকে৷ বেছিভাগ শিশুৰ ক্ষেত্ৰতে কেতিয়াবা দেখা যায় যে বহু দেৰিলৈ টোপনি নাহে বা খুব কম সময় টোপুনি মাৰে, অৰ্থাৎ পাতল টোপনি হয়৷ এইধৰণৰ সমস্যাই শিশুৰ শৰীৰত প্ৰভাৱ পেলায়৷ সেয়েহে শিশুক সময়মতে টোপনি যাবলৈ দিব লাগে, ইয়াৰ বাবে কিছু কৰণীয় নি(য় আছে৷ সৰুকালিৰ পৰাই শিশুক এটা নিৰ্দিষ্ট সময়ত টোপনি যাব দিব লাগে৷ সৰুতে এই অভ্যাস হৈ উঠিলে ডাঙৰত সেই অভ্যাসে গঢ় লৈ উঠিব৷
বেছিভাগ শিশুৱে শুবলৈ যোৱাৰ সময়ত ম’বাইল, লেপটপত গেম খেলি থকা দেখা যায়৷ শিশুৰ এইধৰণৰ অভ্যাস সোনকালে আঁতৰাবলৈ চেষ্টা কৰিব লাগে৷ কিয়নো টিভি, ম’বাইল আদি ব্যৱহাৰ কৰাৰ ফলত বহু সময় ধৰি মস্তিষ্ক সক্ৰিয় হৈ থাকে, যাৰ বাবে বহু সময় ধৰি টোপনিৰ ভাব নাহে৷ সেয়েহে বিছনালৈ যোৱাৰ আগতে শিশুক এইবোৰৰ পৰা দূৰত ৰাখক৷
সন্তানক খেলা-ধূলাত বেছি প্ৰাধান্য দিব লাগে৷ দিনৰ ভাগৰ সময়-সুবিধা মিলাই সৰু ল’ৰা-ছোৱালীক খেলা-ধূলা কৰিবলৈ দিব৷ খেলা-ধূলা কৰিলে স্বাস্থ্য ভালে থকাৰ লগতে ভাগৰ অনুভৱ হৈ টোপনি অহাৰ সহায় কৰে৷
শোৱাৰ সময়ত সন্তানক নিয়মিত সাধুকথা, গল্প-কবিতাৰ কিতাপ পঢ়াৰ অভ্যাস কৰাওক৷ তেনে কৰাৰ ফলত সাহিত্য-সংস্কৃতিৰ প্ৰতি আগ্ৰহ বাঢ়িব লগতে একে সময়তে টোপনি যোৱাৰো অভ্যাসে গঢ় লৈ উঠিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here