Home Daily news ২০২৩ত শেষলৈকে বিশ্বত দীঘলীয়া অৰ্থনৈতিক মন্দা হ’ব : কোনে ক’লে

২০২৩ত শেষলৈকে বিশ্বত দীঘলীয়া অৰ্থনৈতিক মন্দা হ’ব : কোনে ক’লে

আমেৰিকাৰ অৰ্থনীতিবিদ, নিউয়ৰ্ক ইউনিভাৰ্ছিটিৰ ষ্টাৰ্ন স্কুল অব্‌ বিজনেছৰ অধ্যাপক আৰু ৰবিনি মেক্ৰ এছ’চিয়েটছৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া [চি ই অ’] নৰিয়েল ৰবিনিয়ে ২০০৮ চনত বিশ্বত অৰ্থনৈতিক মন্দা হ’ব বুলি সঠিকভাৱে ভৱিষ্যদ্বাণী কৰিছিল৷ এতিয়া তেওঁ ২০২২ চনৰ শেষত আমেৰিকা আৰু বিশ্বত তাতোকৈ বেছি মন্দা হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ তেওঁৰ মতে, ২০২২ চনৰ শেষৰ পৰা ২০২৩ চনৰ শেষলৈকে বিশ্বত দীঘলীয়া অৰ্থনৈতিক মন্দা হ’ব৷ ২০০৮ চনত মন্দা হ’ব বুলি কৰা ভৱিষ্যদ্বাণী ফলিওৱাৰ কাৰণে ৰবিনিক ড॰ ডুম উপনাম দিয়া হৈছিল৷ ৰবিনি এজন ইৰানিয়ান-আমেৰিকান অৰ্থনীতিবিদ৷ তেওঁৰ পিতৃ-মাতৃ আছিল ইৰানৰ ইহুদি৷ ৰবিনিৰ জন্ম হৈছিল তুৰস্কত আৰু ডাঙৰ-দীঘল হৈছিল ইটালিত৷ তেওঁ কয় যে সাধাৰণ মন্দা [ভেনিলা ৰিচেছন] হ’লেও এছ এণ্ড পি ৫০০ ত্ৰিশ শতাংশ কমিব পাৰে৷ হয়তো ৪০ শতাংশও কমিব পাৰে৷ তেওঁ কয় যে আমেৰিকাত বৰ বেছি মন্দা নহ’ব বুলি ভবাসকলে নিগমবোৰৰ আৰু চৰকাৰবোৰৰ ঋণৰ বৃহৎ অনুপাতলৈ চোৱা উচিত৷ সুতৰ হাৰ বৃদ্ধি আৰু ঋণ পৰিশোধৰ পৰিমাণ বৃদ্ধিৰ লগে লগে বহু প্ৰতিষ্ঠান, নিগম, বেংক আৰু দেশৰ মৃত্যু হ’ব৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...