চিলিণ্ডাৰত কিমান গেছ আছে সহজে কিদৰে জানিব ?

0
259

আমি প্ৰায়ে শুনিবলৈ পাওঁ যে ভাতখিনি ঠিকে-ঠাকে হ’ল কিন্তু দাইলখিনি আঠা সিজা হওঁতে চিলিণ্ডাৰৰ গেছ নাইকিয়া হ’ল৷ এটাতকৈ অধিক চিলিণ্ডাৰ থকাসকলৰ ক্ষেত্ৰত কথাটো নাখাটে যদিও মাত্ৰ এটা চিলিণ্ডাৰ থকাসকলৰ বাবে সেই সময়খিনি মহা পয়মাল হয়৷ কি কৰিব, কি নকৰিব– এনে লাগে৷ আঠা সিজাকৈয়ে সেই সাঁজভাত খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কিয়নো চিলিণ্ডাৰ গেছ পৰিমাণ কিমান আছিল বা কেতিয়ালৈকে চিলিণ্ডাৰ গেছ শেষ হ’ব, সেই বিষয়ে অজ্ঞতা অথবা গেছৰ পৰিমাণ চিলিণ্ডাৰত কিমান আছে নজনাৰ বাবে এনে হ’বলৈ পায়৷ চিলিণ্ডাৰৰ ভিতৰত কিমান গেছ আছিল বা কিমান বাকী আছে, সেই কথাটো আমি নজনাৰ হেতু কেতিয়াবা খাদ্য আধাতে ৰন্ধাত গেছ শেষ হয়৷ সেয়েহে আপুনি পাকঘৰত ব্যৱহাৰ কৰা চিলিণ্ডাৰটোত গেছ কিমান আছে, জানিবলৈ লওক এক সহজ উপায়৷ কোনোধৰণৰ যন্ত্ৰ-পাতি নোহোৱাকৈয়ে জানিব  পাৰিব আপুনি ব্যৱহাৰ কৰি থকা চিলিণ্ডাৰটোত কিমান গেছ আছে৷ যেতিয়া দেখিব যে ৰন্ধাৰ সময়ত বাৰ্নানৰ পৰা ৰঙা শিখা উঠিছে বা গেছৰ পৰা ওলোৱা জুই নীলাৰ পৰা ৰঙা হৈ গৈছে, তেতিয়া বুজিব যে গেছৰ বাৰ্নাৰত ময়লা জমা হৈছে নাইবা চিলিণ্ডাৰৰ গেছ শেষ হ’বলৈ গৈ আছে৷ আপুনি চিলিণ্ডাৰৰ কিমান পৰিমাণৰ গেছ আছে তাক জানিবলৈ একেবাৰে সহজ উপায়টো জানক৷
প্ৰথমে ব্যৱহাৰ কৰি থকা চিলিণ্ডাৰটো ভালদৰে মুচি চাফা কৰিব, যাতে চিলিণ্ডাৰৰ গাত কোনোধৰণবþ ধূলি-বালি লাগি নাথাকে৷ ভালদৰে মুচি লোৱাৰ পাছত চিলিণ্ডাৰটোৰ গাত এখন ভিজা কাপোৰ মেৰাই দিব৷ কিছু সময় পাছত ভিজা কাপোৰখনেৰে চিলিণ্ডাৰটোৰ পৰা আঁতৰাই চিলিণ্ডাৰটো শুকাবলৈ দিব৷ চিলিণ্ডাৰটোৰ শুকোৱাৰ সময়ত ভালদৰে নিৰীক্ষণ কৰক৷ চিলিণ্ডাৰ যি ভিজা অংশ সোনকালে শুকাই যাব, সেই অংশত গেছ নাই, অৰ্থাৎ চিলিণ্ডাৰ সেই অংশটো খালী হৈ আছে৷ আনহাতে চিলিণ্ডাৰ যি অংশ দেৰিকৈ শুকাবলৈ লয়, বুজিব সেই অংশ গেছ আছে, অৰ্থাৎ আপোনাৰ চিলিণ্ডাৰ ভিতৰত গিছ সেই অংশলৈহে আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here