ভূ-গৰ্ভস্থ পানী ব্যৱহাৰকাৰীলৈ কেন্দ্ৰৰ কঠোৰ নিৰ্দেশনা জাৰি

0
361

পানীৰ ওপৰত থকা জনতাৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাৰ বাবে অসমৰ নগৰাঞ্চলৰ সকলো লোক বৃহৎ সমস্যাৰ সন্মুখীন হ’ব৷ এই কথা সদৰী কৰে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভেলপাৰ্ছ এছ’চিয়েশ্যন চমুকৈ এৰিডাৰ সভাপতি পি কে শৰ্মাই৷ তেওঁ কয় যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনাই এই ভয়াৱহ সংকট কঢ়িয়াই আনিছে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৱাসিক এপাৰ্টমেণ্ট, গোট হাউছিং ছ’চাইটি, চৰকাৰী পানী যোগান সংস্থা, নগৰ অঞ্চলত বৃহৎ পৰিমাণৰ পানী যোগানকাৰী নাইবা ঘৰুৱা ব্যৱহাৰকাৰীকে ধৰি সকলো ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে৷ যাৰ ফলত ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব৷ উল্লিখিত ভূগৰ্ভৰ পানী ব্যৱহাৰকাৰীসকলে নতুন নিৰ্দেশনা অনুসৰি এক লাখ টকা মাচুল পৰিশোধ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷
কিন্তু পঞ্জীয়ন কৰিবলৈ যাওঁতে আৱেদনকাৰীয়ে চৰকাৰীভাৱে যে পানী যোগান ধৰিবলৈ অসমৰ্থ, তাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আৱেদন কৰিব লাগিব৷ আনহাতে ব্যৱহাৰ কৰা পানীৰ বিপৰীতে ডিজিটেল পেইজ’মিটাৰ স্থাপন কৰি বিল দিব লাগিব৷ ইফালে গুৱাহাটীত চৰকাৰী পানী যোগান আঁচনিয়ে জনসংখ্যাৰ মাত্ৰ ৩০ শতাংশ সামৰি লয়৷ ৰাজ্যৰ বাকী অংশৰ অৱস্থা আৰু অধিক বেয়া৷ যাৰ বাবে নাগৰিকে জীয়াই থকাৰ বাবে কেৱল ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই৷ নাগৰিকে নিজা ব্যয়ৰে ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰি আহিছে৷ কিন্তু এতিয়া জনসাধাৰণক পানী ব্যৱহাৰৰ বাবে অসম ভূ-জল নিয়ন্ত্ৰণ আৰু নিয়ামক আইন ২০১২ আৰু পৌৰসভাৰ পানী কৰৰ উপৰি অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হৈছে৷ শৰ্মাই কয় যে এই সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পানীৰ ওপৰত একাধিক কৰৰ বোজাৰ পৰা অসমৰ জনসাধাৰণক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে৷ পানী জীৱনৰ বাবে এক মৌলিক প্ৰয়োজনীয়তা আৰু এইক্ষেত্ৰত এনে কৰৰ বোজাই জনসাধাৰণক জুৰুলা কৰিব বুলি শৰ্মাই কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here