Home Daily news হেপাটাইটিছ ৰোগ কেনেদৰে বিয়পে ইয়াক কিদৰে প্ৰতিৰোধ কৰিব ?

হেপাটাইটিছ ৰোগ কেনেদৰে বিয়পে ইয়াক কিদৰে প্ৰতিৰোধ কৰিব ?

হেপাটাইটিছ হৈছে যকৃতৰ প্ৰদাহ৷ এই ৰোগ ভাইৰেল সংক্ৰমণৰ ফলত হয়৷ সাধাৰণতে এ বি চি ডি আৰু ই এই পাঁচ প্ৰকাৰৰ মুখ্য হেপাটাইটিছ হোৱা দেখা যায়৷ হেপাটাইটিছ ৰোগ বিভিন্ন প্ৰকাৰে সংক্ৰমিত হ’ব পাৰে৷ তাৰ ভিতৰত অসুৰক্ষিতভাৱে বেজী লোৱা বা নিডলৰ পুনৰব্যৱহাৰ কৰা, নিচাসক্তসকলৰ ক্ষেত্ৰত নিচাযুক্ত দ্ৰব্য একেটা বেজীৰে কেইবাজনেও গ্ৰহণ কৰা, নাক, কাণ বা শৰীৰৰ আন ঠাইত বিন্ধা কৰিবৰ বাবে ব্যৱহাৰ কৰা বেজী, শৰীৰত টাটু আঁকিবলৈ ব্যৱহাৰ কৰা একেটা বেজী বা চিয়াঁহী কেইবাজনেও ব্যৱহাৰ কৰিলে, দাঢ়ি কাটিবলৈ ব্যৱহৰা কৰা ৰেজৰ ব্লেড, এডাল টুথব্ৰাছে কেইবাজনেও ব্যৱহাৰ কৰা তথা অসুৰক্ষিতভাৱে তেজ গ্ৰহণ কৰাৰ ফলত হেপাটাইটিছ ৰোগ বিয়পিব পাৰে৷ সেয়েহে এইধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁতে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে৷ হেপাটাইটিছ মহামাৰীৰূপে বিয়পি পৰাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ আগতীয়াভাৱে ৰোগ নিৰ্ণয় কৰা তথা সময়মতে চিকিৎসা গ্ৰহণ কৰি ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে যকৃতৰ চিৰোছিছ, যকৃতৰ কৰ্কট আনকি মাৰাত্মক ৰোগৰ সৃষ্টি কৰি মৃত্যুপৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷ হেপাটাইটিছ ৰোগৰ নিৰ্মূলৰ বাবে সকলো গৰ্ভৱতী মহিলাই হেপাটাইটিছ-বি পৰীক্ষা কৰাব লাগে৷ আন এক মন কৰিবলগীয়া কথা যে হেপাটাইটিছ বি পজিটিভ গৰ্ভৱতী মহিলাই স্বাস্থ্য সেৱা কেন্দ্ৰত সন্তান প্ৰসৱ কৰাৰ লাগে, যাতে নৱজাততলৈ হেপাটাইটিছ বি সংক্ৰমিত হ’ব নোৱাৰে৷ নৱজাতকৰ জন্মৰ পাছত ২৪ ঘণ্টাৰ ভিতৰতে হেপাটাইটিছ বি ভেকচিনৰ পালি প্ৰদান কৰিব লাগে৷ বৰ্তমান সকলো চৰকাৰী অসামৰিক চিকিৎসালয়তে হেপাটাইটিছৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হয়৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,