সমীক্ষা : অনাগত দিনত ভাৰতত মন্দাৱস্থাৰ সম্ভাৱনা নাই

0
494

দাম বৃদ্ধিৰ বাবে কেন্দ্ৰীয় বেংকবোৰে সুতৰ হাৰৰ বৃদ্ধি ত্বৰান্বিত কৰিবলৈ বাধ্য হোৱাৰ ফলত এছিয়াৰ কেইখনমান দেশত মন্দাৱস্থাৰ বিপদাশংকা বৃদ্ধি পাইছে৷ ব্লুমবাৰ্গৰ শেহতীয়া অৰ্থনৈতিক সমীক্ষাত এই কথা কোৱা হৈছে৷ বৰ্তমান শোচনীয় অৰ্থনৈতিক সংকটত থকা শ্ৰীলংকা অহা বছৰ মন্দাৱস্থাত পৰাৰ ৮৫ শতাংশ সম্ভাৱনা৷ অৰ্থনীতিবিদসকলৰ মতে নিউজিলেণ্ড, টাইৱান, অষ্ট্ৰেলিয়া আৰু ফিলিপাইনৰ মন্দাৱস্থাত পৰাৰ সম্ভাৱনা ক্ৰমে ৩৩ শতাংশ, ২০ শতাংশ, ২০ শতাংশ আৰু ৮ শতাংশ৷ 
মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ সেইবোৰ দেশৰ কেন্দ্ৰীয় বেংকসমূহে সুতৰ হাৰ বৃদ্ধি কৰিছে৷ এই সমীক্ষাত এছিয়াৰ আন বহু দেশৰ মন্দাৱস্থাৰ সম্ভাৱনা একেই আছে৷ অৰ্থনীতিবিদসকলৰ মতে চীন মন্দাৱস্থাত পৰাৰ ২০ শতাংশ সম্ভাৱনা আছে৷ দক্ষিণ কোৰিয়া মন্দাৱস্থাত পৰাৰ সম্ভাৱনা ২৫ শতাংশ৷ আনহাতে আমেৰিকাৰ মন্দাৱস্থাত পৰাৰ সম্ভাৱনা ৩৮ শতাংশ৷ অহা ১২ মাহৰ বাবে চলোৱা ব্লুমবাৰ্গৰ এই সমীক্ষা মতে ভাৰত মন্দাৱস্থাত পৰাৰ সম্ভাৱনা শূন্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here