জটিল ৰোগৰ কিছু ঔষধৰ দাম হ্ৰাস কৰিব কেন্দ্ৰীয় চৰকাৰে

0
318

কিছু ঔষধৰ দাম হ্ৰাস কৰি বহু ৰোগীক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ কৰ্কট ৰোগ [কেঞ্চাৰ], মধুমেহ [ডায়েবেটিছ], বৃক্ক [কিডনী] ৰোগ আৰু হৃদৰোগৰ দৰে জটিল ৰোগৰ ঔষধৰ দাম উল্লেখনীয়ভাৱে হ্ৰাস কৰাৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰে  ঘোষণা কৰে৷ চৰকাৰে এই সন্দৰ্ভত কিছু প্ৰস্তাৱ গ্ৰহণ কৰিছে যদিও ঘোষণাৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত অৱশ্যে এতিয়াও লোৱা নাই৷ চৰকাৰী বিষয়ববীয়াই কয় যে জটিল ৰোগৰ কিছু  ঔষধৰ উচ্চ দামক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন আৰু চৰকাৰে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে৷ সূত্ৰটোৱে কয় যে এবাৰ প্ৰস্তাৱটোত সিদ্ধান্ত ল’লেই ঔষধৰ দাম ৭০ শতাংশ হ্ৰাস পাব৷ 
আনহাতে  আন কিছু ঔষধ অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকা [এন এল ই এম], ২০১৫ সংশোধনৰ কামো কৰি আছে৷ ৰোগীয়ে দীৰ্ঘকাল ব্যৱহাৰ কৰা ঔষধবোৰৰ উচ্চ ট্ৰেড মাৰ্জিনত উচ্চ সীমা নিৰ্ধাৰণ কৰাৰ কথাও চৰকাৰে চিন্তা কৰি আছে৷ এই বিষয়ত চূড়ান্ত সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াই ঔষধ উদ্যোগৰ প্ৰতিনিধিৰ সৈতে ২৬ জুলাইত এখন বৈঠকৰো আহ্বান কৰিছে৷ 
বৰ্তমান এন এল ই এমত থকা ৩৫৫তকৈ অধিক ঔষধৰ দাম নিয়ন্ত্ৰক এন পি পি এ-এ দামৰ উচ্চসীমা নিৰ্ধাৰণ কৰি থৈছে৷ তেনে তালিকাভুক্ত ঔষধত ট্ৰেড মাৰ্জিনো পাইকাৰী বিক্ৰেতাৰ বাবে ৮ শতাংশ আৰু খুচুৰা বিক্ৰেতাৰ বাবে ১৬ শতাংশত নিয়ন্ত্ৰণ কৰি থোৱা হৈছে৷ অৱশ্যে চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত নথকা সকলো ঔষধত কোম্পানীবোৰে দাম নিৰ্ধাৰণ কৰিব পাৰে, যদিও তেওঁলোকে বছৰি ১০ শতাংশহে দাম বৃদ্ধি কৰিব পাৰে৷ প্ৰায়ে এনে ঔষধত ট্ৰেড মাৰ্জিন বহু বেছি আৰু ই ৰোগীৰ বাজেটত প্ৰভাৱ পেলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here