Home Diet Plus স্মৃতিশক্তি লোপ পাইছে নেকি ? লওক এই তিনিটা উপায়

স্মৃতিশক্তি লোপ পাইছে নেকি ? লওক এই তিনিটা উপায়

আমাৰ বহুতৰে গুৰুত্বপূৰ্ণ বিষয়, সামগ্ৰী বা বস্তু ৰাখি থৈ পাছত পাহৰি যোৱাটো সকলোৰে ক্ষেত্ৰতে হয়৷ কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ, অফিচিয়েল ফাইল আদি ৰাখি পাছত বিচাৰি গোটেই ঘৰতে চলাথ কৰিলেও মনত নপৰে ৰখা ঠাইখিৰি কথা৷ একেদৰে পঢ়া-শুনা কৰিলেও খন্তেক পাছতে কি পঢ়িলে পাহৰি যোৱাৰ ফলত পৰীক্ষাৰ ৰিজাল্ট বেয়া হোৱা আদি উদাহৰণ আছে৷ এইদৰে কোনো কথা বা কাম বহুসময় ধৰি মনত নথকাৰ ফলত বিপদৰ সন্মুখীন হ’বলগীয়া হয়৷ স্মৃতিশক্তি লোপ পোৱাটো বয়সৰ লগে লগে আৰম্ভ হয় যদিও ডেকা বয়সতে স্মৃতিশক্তি লোপ পোৱা ৰোগত আক্ৰান্ত হ’লে জীৱনত কোনো কামতে কৃতকাৰ্য হ’ব নোৱাৰে৷ স্মৃতি তথা মেকানিজমৰ ওপৰত কৰা এক অধ্যয়ন মতে কোনো নতুন বিষয় শিকিলে এঘণ্টাৰ ভিতৰত সেই বিষয়বস্তুৰ কথা পাহৰি যোৱা যায়৷ সেয়েহে স্মৃতিশক্তি উন্নত কৰিবলৈ কিছু টিপছ মনত ৰখা উচিত৷ শিক্ষাৰ্থীৰ ক্ষেত্ৰত পাঠ গ্ৰহণৰ সময়ত মুখস্থ কৰি মনত ৰাখিবলৈ চেষ্টা কৰে৷ মুখস্থ কৰিলে কিছুসময় মনত ৰৈ যায় যদিও পাছত পাহৰি যোৱা যায়৷ সেয়েহে ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ বিদ্যাৰ সলনি বিষয় এটা ভালদৰে অধ্যয়ন কৰি তাক অনুধাৱন কৰাটো জৰুৰী৷ তেনে কৰিলে কেতিয়াও পাহৰি যোৱা নাযায়৷
যি বিষয়বস্তু আপুনি মনত ৰখাৰ চেষ্টা কৰে বা মুখস্থ কৰে৷ তাৰ মূল কথাখিনি বা ভাবখিনি কিতাপত আণ্ডাৰলাইন কৰি ৰাখক৷ পাঠ এটাৰ গুৰুত্বপূৰ্ণ পইণ্টখিনি হাইলাইট কৰিলে লগে লগে চকুত পৰিব আৰু মনত সহজে ৰৈ যাব৷ মনোবিজ্ঞানীৰ মতে এটা পাঠ বা বিষয় আৰম্ভ অথাব শেষৰখিনি পঢ়িলে সেইখিনি বহুসময় ধৰি মনত ৰৈ যায়৷
কিছু জটিল পাঠক্ৰম যদি ৰেকৰ্ড কৰি থোৱা যায়, তেতিয়াও মনত সজীৱ হৈ থাকে৷ পঢ়িবলৈ লোৱাৰ আগতে তেনে ৰেকৰ্ডিং বিষয়বোৰ ভালদৰে শুনিলে সেই তথ্যখিনি মগজুত গান বা কবিতা শুনাৰ লেখীয়াকৈ বাৰে বাৰে শুনিলে মনত ৰৈ যাব৷ কবিতা আবৃত্তি কৰাৰ দৰে পাঠ গ্ৰহণ কৰিলেও সহজে যিকোনো কথা মনত ৰৈ যায়৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...