উদ্বেগজনক ! দেশৰ ১৮খন চহৰত বায়ুত ক্ষুদ্ৰ কণিকা বৃদ্ধি

0
1049

আমেৰিকাৰ গৱেষণা সংস্থা হেল্‌থ ইফেক্টছ ইন্‌ষ্টিটিউট চমুকৈ এ এইচ ই আইৰ এক প্ৰতিবেদনত ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ এ এইচ ই আইৰ প্ৰতিবেদনখনৰ মতে বিশ্বৰ ভিতৰত ভাৰতৰ ১৮খন চহৰত বায়ুত ক্ষুদ্ৰ কণিকা সবাতোকৈ বৃদ্ধি হৈছে৷ দেশৰ চহৰসমূহত বায়ুমণ্ডলত উদ্বেগজনকভাৱে ক্ষুদ্ৰ কণিকাৰ মাত্ৰা বৃদ্ধি পাইছে৷ সমগ্ৰ বিশ্বৰে  ২০১১-২০১৯ চনলৈ ২.৫ পি এম, অৰ্থাৎ বায়ুত ক্ষুদ্ৰ কণিকা আটাইতকৈ বৃদ্ধি হোৱা ২০খন চহৰৰ ১৮খনেই ভাৰতৰ৷ 
সংস্থাটোৱে বিশ্বৰ ৭২৩৯খন চহৰক লৈ এই প্ৰতিবেদনখন প্ৰস্তুত কৰিছে৷ আনহাতে প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে বিশ্বৰ আটাইতকৈ অধিক জনবসতিপূৰ্ণ চহৰসমূহৰ ভিতৰত দিল্লীতেই অতি ক্ষুদ্ৰ কণিকাৰ মাত্ৰা আটাইতকৈ বেছি৷ উক্ত প্ৰতিবেদনখনত বায়ু প্ৰদূষণ আৰু মানৱ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ বিশ্লেষণ কৰা সম্পৰ্কে অধ্যয়ন কৰা হৈছিল৷ এ এইচ ই আইৰ তথ্যত প্ৰকাশ পোৱা মতে ২০১৯ চনত অতি ক্ষুদ্ৰ কণিকাৰ প্ৰদূষণৰ বাবে সমগ্ৰ বিশ্বতে ১.৭ নিযুত লোকৰ মৃত্যু হৈছে৷ আনহাতে এছিয়া, আফ্ৰিকা, পূব আৰু মধ্য ইউৰোপ আদি দেশৰ চহৰবোৰত অতি ক্ষুদ্ৰ কণিকাৰ প্ৰভাৱ অধিক দেখা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here