Home Diet Plus স্বাস্থ্য ৰক্ষাত খেজুৰে কিদৰে সহায় কৰে জানো আহক

স্বাস্থ্য ৰক্ষাত খেজুৰে কিদৰে সহায় কৰে জানো আহক

সচৰাচৰ গৰমৰ দিনত উপলব্ধ খেজুৰ এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল৷ খেজুৰ খালে শৰীৰৰ শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰি সৌন্দৰ্য বৃদ্ধি কৰে৷ আমি খাই ভাল পোৱা খেজুৰত বিভিন্ন ধৰণৰ উপাদান পোৱা যায়৷ তাৰ ভিতৰত ভিটামিন, B কমপ্লেক্স, ভিটামিন-K, কেলচিয়াম, আইৰন আদি অন্যতম৷ দেখাত ক্ষুদ্ৰাকৃতিৰ হ’লেও ই আমাৰ দেহৰ বাবে বিশেষ উপকাৰী গুণ তথা পৰিপক্বসম্পন্ন৷ এতিয়া জানো আহক খেজুৰৰ উপকাৰী গুণসমূহ–
খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকাৰ বাবে হাড় আৰু মাংসপেশী মজবুত কৰি ৰাখে৷ তদুপৰি ইয়াত থকা কেলচিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ শক্তিশালী কৰি ৰখাৰ বাবে বিভিন্ন ক্ষয়জনিত ৰোগ যেনে–অষ্টিঅ’আৰ্থাইটি  বা অষ্টিঅ’পৰ’ছিছৰ পৰা হাত সাৰি থাকিব পাৰি৷
খেজুৰত কোনোধৰণৰ কলেষ্টৰেল নাথাকে, সেয়ে খেজুৰ খালে তেজত কলেষ্টৰেল বঢ়াৰ কোনো আকাংক্ষা নাথাকে৷  
তাৰ লগতে খেজুৰত গ্লুকজ, চুক্ৰজ, ফু্ৰক্টজ আৰু কাৰ্বহাইড্ৰেট যথেষ্ট পৰিমাণে থাকে৷ যাৰ বাবে খেজুৰ খালে প্ৰচুৰ শক্তি আহৰণ কৰিব পৰা যায়৷ তাৰ বাহিৰেও মধুমেহ ৰোগীৰ বাবে কুঁহিয়াৰৰ পৰা উৎপাদিত কাৰ্বহাইড্ৰেট বা চেনি খোৱাত বাধা থকাৰ হেতুকে শক্তি আহৰণৰ বাবে দিনে ৩যচ্ছ্ৰটা খেজুৰ খোৱা উচিত৷ 
প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ৩.০৯ গ্ৰাম আইৰন থাকে আৰু এই ১০০ গ্ৰাম খেজুৰ দৈনিক খালে শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায় ১১ শতাংশ আইৰন লাভ কৰিব পৰা যায়৷
যিহেতু খেজুৰ ভিটামিন ট্ট থাকে৷ গতিকে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আঁতৰ হোৱাৰ লগতে দৃষ্টিশক্তি বৃদ্ধি পায়৷ তদুপৰি খেজুৰত থকা এবিধ পদাৰ্থই চকুৰ ৰেটিনা সুস্থ আৰু সবল হৈ থকাত সহায় কৰে৷
গ্ৰীষ্মৰ ফল হিচাপে খেজুৰে পুৰণি চৰ্দি, কাহ, পানীলগা, শ্বাস-প্ৰশ্বাস ৰোগতো ৰসায়নৰ দৰে কাম কৰে৷
গৰ্ভৱতী মহিলাই খেজুৰ খোৱাটো প্ৰয়োজনীয়৷ কিয়নো তাত থকা আইৰন আৰু ভিটামিন K-য়ে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হোৱা তথা প্ৰসৱৰ বেদনা কম কৰাত বহুখিনি লাভান্বিত কৰে৷ 
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু যিকোনো বেমাৰ-আজাৰৰ পৰা বাচি থাকিবলৈ দৈনিক ২য৩টা খেজুৰ খালেও এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...