ছেটেলাইট টিভি চেনেলবোৰৰ আপলিংকিং নিয়ন্ত্ৰণমুক্ত কৰা হ’ব

0
518

কেন্দ্ৰীয় চৰকাৰে কয় যে ভাৰতক আপলিংকিঙৰ এটা কেন্দ্ৰ কৰাৰ প্ৰচেষ্টাৰে এমাহৰ ভিতৰত ছেটেলাইট টেলিভিছন চেনেলবোৰৰ আপলিংকিং নিয়ন্ত্ৰণমুক্ত কৰা হ’ব৷ ভাৰতীয় মহাকাশ সন্মিলনত ভাষণ দি তথ্য আৰু সম্প্ৰচাৰ সচিব অপূৰ্ব চন্দ্ৰই কয় যে দেশখনত থকা ৮৯৮টা টেলিভিছন চেনেলৰ ভিতৰত ৫৩২টা চেনেলে তেওঁলোকৰ সেৱা আপলিংকিং আৰু ডাউনলিংকিঙৰ বাবে বিদেশী কৃত্ৰিম উপগ্ৰহবোৰ ব্যৱহাৰ কৰে৷ চন্দ্ৰই কয় যে আমি কৃত্ৰিম উপগ্ৰহবোৰৰ সৈতে আপলিংকিং নিয়ন্ত্ৰণমুক্ত কৰিবলৈ বিচাৰোঁ, যাতে ভাৰত আপলিংকিঙৰ এটা কেন্দ্ৰ হ’ব পাৰে৷ 
তেওঁ কয় যে আপলিংকিং আৰু ডাউনলিংকিঙৰ নীতি-নিৰ্দেশ শেষবাৰ জাৰি কৰা হৈছিল ২০১১ চনত আৰু সেইবোৰ সংশোধন কৰাৰ প্ৰক্ৰিয়া চলি আছে৷ তেওঁ কয় যে এমাহৰ ভিতৰত নীতি-নিৰ্দেশবোৰ সংশোধন কৰা হ’ব৷ চন্দ্ৰই লগতে কয় যে নেপাল, শ্ৰীলংকা, ভূটান আদিৰ দৰে চুবুৰীয়া দেশবোৰেও তেওঁলোকৰ টেলিভিছন চেনেলবোৰৰ আপলিংকিঙৰ বাবে ভাৰতক এটা কেন্দ্ৰ [হাব্‌] হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ তেওঁ কয় যে টেলিভিছন চেনেলবোৰৰ আপলিংকিং আৰু ডাউনলিংকিং সেৱাৰ বাবে যোৱা দুটা দশকত ভাৰতে বিদেশী কৃত্ৰিম উপগ্ৰহ অপাৰেটৰসকলক ১০২ মিলিয়ন মাৰ্কিন ডলাৰ পৰিশোধ কৰাত অনুমোদন জনাইছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here