স্বাস্থ্য ৰক্ষাত খেজুৰে কিদৰে সহায় কৰে জানো আহক

0
459

সচৰাচৰ গৰমৰ দিনত উপলব্ধ খেজুৰ এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল৷ খেজুৰ খালে শৰীৰৰ শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰি সৌন্দৰ্য বৃদ্ধি কৰে৷ আমি খাই ভাল পোৱা খেজুৰত বিভিন্ন ধৰণৰ উপাদান পোৱা যায়৷ তাৰ ভিতৰত ভিটামিন, B কমপ্লেক্স, ভিটামিন-K, কেলচিয়াম, আইৰন আদি অন্যতম৷ দেখাত ক্ষুদ্ৰাকৃতিৰ হ’লেও ই আমাৰ দেহৰ বাবে বিশেষ উপকাৰী গুণ তথা পৰিপক্বসম্পন্ন৷ এতিয়া জানো আহক খেজুৰৰ উপকাৰী গুণসমূহ–
খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকাৰ বাবে হাড় আৰু মাংসপেশী মজবুত কৰি ৰাখে৷ তদুপৰি ইয়াত থকা কেলচিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ শক্তিশালী কৰি ৰখাৰ বাবে বিভিন্ন ক্ষয়জনিত ৰোগ যেনে–অষ্টিঅ’আৰ্থাইটি  বা অষ্টিঅ’পৰ’ছিছৰ পৰা হাত সাৰি থাকিব পাৰি৷
খেজুৰত কোনোধৰণৰ কলেষ্টৰেল নাথাকে, সেয়ে খেজুৰ খালে তেজত কলেষ্টৰেল বঢ়াৰ কোনো আকাংক্ষা নাথাকে৷  
তাৰ লগতে খেজুৰত গ্লুকজ, চুক্ৰজ, ফু্ৰক্টজ আৰু কাৰ্বহাইড্ৰেট যথেষ্ট পৰিমাণে থাকে৷ যাৰ বাবে খেজুৰ খালে প্ৰচুৰ শক্তি আহৰণ কৰিব পৰা যায়৷ তাৰ বাহিৰেও মধুমেহ ৰোগীৰ বাবে কুঁহিয়াৰৰ পৰা উৎপাদিত কাৰ্বহাইড্ৰেট বা চেনি খোৱাত বাধা থকাৰ হেতুকে শক্তি আহৰণৰ বাবে দিনে ৩যচ্ছ্ৰটা খেজুৰ খোৱা উচিত৷ 
প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ৩.০৯ গ্ৰাম আইৰন থাকে আৰু এই ১০০ গ্ৰাম খেজুৰ দৈনিক খালে শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায় ১১ শতাংশ আইৰন লাভ কৰিব পৰা যায়৷
খেজুৰ খালে কুকুৰীকণা, অন্ধতা আঁতৰ হোৱাৰ লগতে দৃষ্টিশক্তি বৃদ্ধি পায়৷ তদুপৰি খেজুৰত এবিধ পদাৰ্থই চকুৰ ৰেটিনা সুস্থ আৰু সবল হৈ থকাত সহায় কৰে৷
গ্ৰীষ্মৰ ফল হিচাপে খেজুৰে পুৰণি চৰ্দি, কাহ, পানীলগা, শ্বাস-প্ৰশ্বাস ৰোগতো ৰসায়নৰ দৰে কাম কৰে৷
গৰ্ভৱতী মহিলাই খেজুৰ খোৱাটো প্ৰয়োজনীয়৷ কিয়নো তাত থকা আইৰন আৰু ভিটামিন K-য়ে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হোৱা তথা প্ৰসৱৰ বেদনা কম কৰাত বহুখিনি লাভান্বিত কৰে৷ 
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু যিকোনো বেমাৰ-আজাৰৰ পৰা বাচি থাকিবলৈ দৈনিক ২-৩টা খেজুৰ খালেও এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here