Home Daily news সুখবৰ ! ৰাজ্যত ঘৰে ঘৰে পানী যোগানৰ কাম সম্পূৰ্ণ

সুখবৰ ! ৰাজ্যত ঘৰে ঘৰে পানী যোগানৰ কাম সম্পূৰ্ণ

ৰাজ্যখনত প্ৰায় ২৪ লাখতকৈ অধিক পৰিয়ালক ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰিব পৰাকৈ ইতিমধ্যে পাইপৰ সংযোগ দিয়া কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ৷ ৰাজ্যত সৰ্বমুঠ ৬৩,৩৫,০১৫ টা পৰিয়ালৰ ভিতৰত এই পৰ্যন্ত ২৪,৪৬,৩৬০ টা পৰিয়ালত পাইপৰ সংযোগ দিয়া কাম ইতিমধ্যে সম্পন্ন হৈছে৷ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ ২০২৪ চনৰ ভিতৰত আৰু প্ৰায় ৩৮ লাখ পৰিয়ালৰ ঘৰত পাইপৰ সংযোগ দিব লাগিব৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত পাইপৰ সংযোগ দিয়া কাম সম্পন্ন কৰিবলৈ ইতিমধ্যে বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বিষয়াসকলক নিৰ্দেশ দিছে৷
উল্লেখ্য যে জলজীৱন মিছন আঁচনিখনৰ ৰূপায়ণ কেৱল অসমতেই লেহেম হোৱাই নহয়, পশ্চিম বংগ, ৰাজস্থান, ছট্টিশগড়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো কামৰ অগ্ৰগতি লেহেম হৈছে৷ বৰঞ্চ এই ৰাজ্যকেইখনত জলজীৱন মিছন আঁচনিখনৰ ৰূপায়ণ অসমতকৈও পিছ পৰি ৰৈছে৷ 
অসমত ৩৮ শতাংশতকৈ অধিক পৰিয়ালৰ বাসগৃহত পাইপৰ সংযোগ দিয়া কাম সম্পন্ন হোৱাৰ বিপৰীতে পশ্চিম বংগত ২৭.৯৩ শতাংশ, ৰাজস্থানত ২৬.০৬ শতাংশ, ছট্টিশগড়ত ২৫.৫৫ শতাংশ, ঝাৰখণ্ডত ২১.৬৫ শতাংশ আৰু উত্তৰ প্ৰদেশত মাত্ৰ ১৫.১৫ শতাংশ পৰিয়ালত পাইপৰ সংযোগ দিয়া কাম সম্পন্ন হৈছে৷ 
অসমৰ বাহিৰে উত্তৰ-পূবৰ আন ৰাজ্যকেইখনৰ ভিতৰত মেঘালয়ত ৪১.০৪ শতাংশ, নগালেণ্ডত ৪৫.৯৮ শতাংশ, ত্ৰিপুৰাত ৫২.৬১ শতাংশ, মিজোৰামত ৬৪.৭৭ শতাংশ, অৰুণাচল প্ৰদেশত ৬৭.২৫ শতাংশ, ছিকিমত ৬৮.৬২ শতাংশ আৰু মণিপুৰত ৭২.৪১ শতাংশ পৰিয়ালত জলজীৱন মিছন আঁচনিৰ ৰূপায়ণ সম্পন্ন হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত জলজীৱন মিছন আঁচনিখন ৰূপায়ণত শীৰ্ষত আছে মণিপুৰ আৰু দ্বিতীয় স্থানত আছে ছিকিম৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,