হেপাটাইটিছৰ ৰোগৰ সজাগতাৰ উদ্দেশ্যে ‘আপোনাৰ যকৃতৰ বাবে দৌৰ’

0
539

ভাইৰেল হেপাটাইটিছৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ২৮ জুলাইত বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়৷ হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি ভাইৰাছৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰতি বছৰৰ দৰে এইবাৰো নৰ্থ-ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেশ্যনে গেষ্ট্ৰোএণ্টেৰ’লজি বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ইণ্ডিয়ান ছ’চাইটি অব্‌ গেষ্ট্ৰোএণ্টেৰ’লজি, নৰ্থ-ইষ্ট চেপ্টাৰৰ সহযোগত ২৮ জুলাইত ‘বিশ্ব হেপাটাইটিছ দিৱস’ পালন কৰিব৷
তেওঁলোকে এই দুটা মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিবলৈ সজাগতা বিয়পাবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে৷ এই সন্দৰ্ভত জ্যেষ্ঠ গেষ্ট্ৰোএণ্টেৰ’লজিষ্ট আৰু হেপাটোলজিষ্ট  ডাঃ বি ডি গোস্বামীয়ে কয় যে প্ৰতি ৩০ ছেকেণ্ডত, ভাইৰেল হেপাটাইটিছ সম্পৰ্কীয় ৰোগৰ ফলত এজন লোকৰ মৃত্যু হয়৷ হেপাটাইটিছে যিকোনো লোকক প্ৰভাৱিত কৰিব পাৰে৷ 
অৱশ্যে সঠিক পৰীক্ষা আৰু চিকিৎসা সেৱাৰ  দ্বাৰা প্ৰতিটো হেপাটাইটিছ সম্পৰ্কীয় মৃত্যু প্ৰতিৰোধ কৰা সম্ভৱ৷ উল্লেখযোগ্য যে বিশ্ব হেপাটাইটিছ দিৱসৰ লগত সংগতি ৰাখি নৰ্থ-ইষ্ট ডাইজেষ্টিভ এণ্ড লিভাৰ ফাউণ্ডেশ্যনে অহা ২৮ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদৰ পৰা নেহৰু ষ্টেডিয়াম, বি বৰুৱা ৰোড, গুৱাহাটীলৈ পুৱা ৬-৩০ বজাত হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি প্ৰতিৰোধৰ বাবে ‘আপোনাৰ যকৃতৰ বাবে দৌৰ’ শীৰ্ষক এক সমদলৰ আয়োজন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here