Home Daily news সুখবৰ! গুৱাহাটীবাসীয়ে জাইকাৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ পৰা পানী পাব

সুখবৰ! গুৱাহাটীবাসীয়ে জাইকাৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ পৰা পানী পাব

গুৱাহাটীবাসীৰ প্ৰতীক্ষাৰ অন্ত পৰিব৷ সমগ্ৰ মহানগৰীত নহ’লেও আংশিকভাৱে ‘জাইকা’ৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ পৰা ৰাইজে পাব পানী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘জাইকা’ৰ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান আঁচনিৰ আংশিক কাৰ্যকৰীকৰণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ব৷ ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কাৰ্যালয়ৰ প্ৰতিনিধিৰ লগতে জাইকাৰ প্ৰতিনিধিৰ উপস্থিতিত পানী যোগান প্ৰকল্প উদ্বোধন হ’ব৷ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কয় যে গুৱাহাটী মহানগৰীৰ সকলো বাসিন্দালৈ পৰ্যায়ক্ৰমে খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰে দিনে-নিশাই কাম কৰি আছে৷ 
জল ব’ৰ্ডৰ দ্বাৰা পানী যোগানৰ পৰীক্ষামূলক পৰ্যায়ত ইতিমধ্যে প্ৰায় ১২ হাজাৰ পৰিয়ালৰ গৃহত পানী উপলব্ধ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ গতিত কাম অব্যাহত থাকিলে অহা বছৰৰ ভিতৰত মহানগৰীৰ অধিকাংশ এলেকাতে খোৱাপানী যোগান ধৰিব পৰা যাব বুলি তেওঁ আশাবাদী৷ এই প্ৰকল্পৰ আংশিক কাৰ্যকৰীকৰণে চ্ছ হাজাৰৰো অধিক পৰিয়ালক সামৰি ল’ব বুলি তেওঁ উল্লেখ কৰে৷ গুৱাহাটীৰ প্ৰায় প্ৰতিটো অঞ্চলতে জাইকাৰ খোৱাপানী যোগানৰ পাইপ বহুওৱাৰ কাম চলি আছে বুলি উল্লেখ কৰি পানী উপলব্ধ এলেকাসমূহত খোৱাপানীৰ ঘৰুৱা সংযোগ সুবিধা লোৱাৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,