Home Daily news সাৱধান ! ৰাজ্যৰ বজাৰত বিক্ৰী হৈছে ভেজাল মিঠাতেল

সাৱধান ! ৰাজ্যৰ বজাৰত বিক্ৰী হৈছে ভেজাল মিঠাতেল

ৰাজ্যৰ লগতে মহানগৰৰ বজাৰত উপলব্ধ ফল-মূল, শাক-পাচলি, গাখীৰ, পানী, মাছ আদি  খাদ্য সামগ্ৰীৰ ভেজালকৰণৰ তথ্য বিভিন্ন সময়ত পোহৰলৈ আহিছে৷ বজাৰত এতিয়া সতেজ খাদ্য সামগ্ৰীৰ অভাৱ৷ মহানগৰৰ বজাৰত সতেজ খাদ্য যেন এতিয়া একপ্ৰকাৰ সপোনৰ দৰে হৈ পৰিছে৷ বজাৰত উভৈনদী হৈ পৰা প্ৰতিবিধ খাদ্য সামগ্ৰীকে এতিয়া ব্যৱসায়ীয়ে ভেজাল কৰি গ্ৰাহকক বিক্ৰী কৰিছে৷ বিভিন্ন সামগ্ৰীৰ ভেজালকৰণৰ পাছত এইবাৰ পোহৰলৈ আহিছে মিঠাতেলৰ ভেজালকৰণৰ তথ্য৷ একাংশ অসাধু ব্যৱসায়ী চক্ৰ আৰু মিঠাতেল প্ৰস্তুতকৰ্তা কোম্পানীয়ে বজাৰত এৰি দিছে ভেজাল মিঠাতেল৷ পূৰ্বতে খোৱাতেলৰ সৈতে ছিন্থেটিক সামগ্ৰী বা জন্তুৰ চৰ্বি বা কম মূল্যৰ তেল মিহলোৱা হৈছিল৷ এনে তেলৰ ভেজাল ধৰা পেলোৱাটোও সহজ নহয়৷ কিন্তু এতিয়া বজাৰত বিক্ৰী হৈ থকা মিঠাতেলত মিহলোৱা হৈছে নিষিদ্ধ শস্যৰে উৎপাদিত তেল৷ বজাৰত পোৱা প্ৰায় ২০টাৰো অধিক ব্ৰেণ্ডৰ মিঠাতেলেই ভেজাল৷ আৰগিমনি-মেক্সিক’না শস্যৰে উৎপাদিত তেল মিঠাতেলৰ সৈতে মিহলাই বিক্ৰী কৰা হৈছে৷ কিন্তু আৰগিমনি-মেক্সিক’না শস্যৰে উৎপাদিত তেল মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ 
খাদ্যৰ ভেজালকৰণৰ বাবেই কৰ্কট ৰোগ, যকৃতৰ ৰোগ, এনিমিয়া বা ৰক্তহীনতা, পেৰেলাইচিছ, মগজুৰ ক্ষতি বা গৰ্ভপাত আদিৰ দৰে গুৰুতৰ ৰোগ আৰু সমস্যাৰ সৃষ্টি  হয়৷ খাদ্যৰ ভেজালকৰণৰ বাবেই আনকি এলাৰ্জিৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা বা মৃত্যুপৰ্যন্ত হোৱাৰ সম্ভাৱনাও বহু বৃদ্ধি পায়৷ কিন্তু সকলো জানিও মহানগৰ জিলা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগে ৰহস্যজনক মৌনতা অৱলম্বন কৰি আহিছে৷ চৰকাৰী বিভাগৰ বিষয়াৰ লগত মিঠাতেল প্ৰস্তুতকৰ্তা কোম্পানীৰ গোপন বুজাবুজিৰ বাবেই এনেদৰে মহানগৰত ভেজাল মিঠাতেলৰ ব্যৱসায় চলাবলৈ ব্যৱসায়ীয়ে সাহস পাইছে৷ উল্লেখযোগ্য যে খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন, ১৯৫৪ দেশত খাদ্য ভেজালকৰণ প্ৰতিৰোধ কৰিবৰ বাবে মূল বিধি হিচাপে ব্যৱহাৰ কৰি অহা হৈছে৷ কিন্তু এই আইনে এই অনিয়ম সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই৷ বিশেষকৈ মহানগৰত ভেজাল খাদ্যৰ নামত যোগান বিভাগ তথা খাদ্য সুৰক্ষা বিভাগে চলোৱা দুদিনীয়া নাটৰ আঁৰত থকা ৰহস্যজনক স্থিতি ইতিমধ্যে সৰ্বসাধাৰণৰ চকুত স্পষ্ট হৈ পৰিছে৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰেও জনসাধাৰণক খাদ্যৰ সুৰক্ষাৰ দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াত  ক্ৰমাৎ অসাধু ব্যৱসায়ীৰ কাৰ্যকলাপ অধিক বৃদ্ধি পাইছে৷

Most Popular

শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব

আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...

চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু

ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...

বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?

দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...

জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?

জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...