পাঁচবিধ বেক্টেৰিয়াৰ সংক্ৰমণত ভাৰতত কিমানৰ প্ৰাণহানি হৈছিল ?

0
339

ই. কলি, এছ. নিউম’নিয়া, কে. নিউম’নিয়া, এছ. আউৰিয়াছ আৰু এ. বাউমানি নামৰ পাঁচবিধ বেক্টেৰিয়াত ২০১৯ চনত ভাৰতত ৬.৯ লাখ লোকৰ মৃত্যু হৈছিল৷ লেন্‌চেট জাৰ্নালত প্ৰকাশ পোৱা এটা সমীক্ষাত এই কথা প্ৰকাশ৷ এই বিশ্লেষণত পোৱা গৈছে যে ২০১৯ চনত বিশ্বত স্বাভাৱিক বেক্টেৰীয় সংক্ৰমণ হৈছে মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ আৰু ই বিশ্বত মৃত্যু হোৱা ¸লোকৰ সংখ্যাৰ আঠভাগৰ এভাগ৷ ২০১৯ চনত বিশ্বত ৩৩টা বেক্টেৰীয় সংক্ৰমণত ৭৭ লাখ লোকৰ মৃত্যু হৈছিল৷ ইয়াৰে উক্ত পাঁচবিধ বেক্টেৰিয়াৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা সকলো মৃত্যুৰ সংখ্যাৰ আধাতকৈ বেছি৷ ভাৰতত ই. কলি, এছ. নিউম’নিয়া, কে. নিউম’নিয়া, এছ. আউৰিয়াছ আৰু এ. বাউমানি নামৰ পাঁচবিধ বেক্টেৰিয়াৰ সংক্ৰমণত কেৱল ২০১৯ চনতে ভাৰতত ৬,৭৮,৮৪৬জনৰ [প্ৰায় ৬.৯ লাখ] মৃত্যু হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here