Home Daily news সাৱধান ! ৰাজ্যত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয়

সাৱধান ! ৰাজ্যত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয়

ৰাজ্যখনত শেহতীয়াকৈ মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ উঠিছে৷ প্ৰতিদিনেই ৰে’লযোগে বহিঃৰাজ্যলৈ নি থকা অৱস্থাত উদ্ধাৰ হৈছে কিশোৰ-কিশোৰী৷ উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে প্ৰকাশ কৰা মতেই যোৱা ১৭ আগষ্টৰ পৰা ১৯ আগষ্টৰ ভিতৰত ৰে’ল আৰক্ষীয়ে এটা মানৱ সৰবৰাহকাৰীৰ লগতে ২২ টা নাবালক আৰু এগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰে ভিতৰত গুৱাহাটী ৰে’ল ষ্টেছনত ১৭ আগষ্টত তিনি নাবালক, ১৮ আগষ্টত নিউ তিনিচুকীয়া ৰে’ল ষ্টেছনত এগৰাকী কিশোৰীক আৰু কাটিহাৰ ৰে’ল ষ্টেছনত ১৯ আগষ্টত এজন পুৰুষৰ লগতে পাঁচ নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 
ইয়াৰ উপৰি এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ৰে’ল ষ্টেছন,বহিঃৰাজ্যলৈ যোৱা ৰে’লৰ পৰা বাকীসকলক উদ্ধাৰ কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্যখনৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কিশোৰ-কিশোৰী তথা যুৱতীসকলক কৰ্মসংস্থাপনৰ প্ৰলোভন দি একাংশ লোকে বহিঃৰাজ্যলৈ লৈ যায়৷ দিল্লী, মুম্বাই আদি মহানগৰীলৈ নি উক্ত অসাধু লোকসকলে অসমৰ পৰা নিয়া কিশোৰ-কিশোৰীসকলক বিনা বেতনে কামত নিয়োগ কৰে৷ আনকি বহুসংখ্যক কিশোৰীক বিক্ৰী কৰি দিয়াৰ দৰে ঘটনাও সংঘটিত হৈ আহিছে৷ আদিবাসী লোকসকলৰ লগতে জনজাতীয় লোকসকলৰ বসতিপ্ৰধান বহু অঞ্চলত শেহতীয়াকৈ সক্ৰিয় হৈ পৰা এই মানৱ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলোৱাটো অতি প্ৰয়োজন হৈ পৰিছে৷ অন্যথা ৰাজ্যৰ বহু নাবালক তথা যুৱতী এনে অসাধু চক্ৰৰ কবলত যে পৰিব সেয়া নিশ্চিত৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,