সাৱধান ! এনেধৰণৰ খাদ্য কেতিয়াও গ্ৰহণ নকৰিব

0
508

বহুতেই আলু সিদ্ধ কৰি থৈ দিয়ে৷ কিন্তু আপুনি জানেনে সিদ্ধ আলু কৰি থৈ দিলে তাত বটুলিজমনামৰ এক ধৰণৰ বেক্টেৰিয়াৰ সৃষ্টি হয়৷ তাৰ পাছত সেই একেখিনি আলু যদি গৰম কৰা হয়, তেনেহ’লে বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ি যায়৷ এনে খাদ্য খালে পেটৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
    পালেং শাক এবাৰ ৰন্ধাৰ পাছত ঠাণ্ডা হ’লে পুনৰ গৰম কৰি খাব নালাগে৷ কাৰণ পালেং শাকত অতিৰিক্ত পৰিমাণে নাইট্ৰেটছ থাকে৷ ৰন্ধা পালেং পুনৰ গৰম কৰি খালে শৰীৰত টক্সিন বেছি মাত্ৰাত বাঢ়িব পাৰে৷
    সাধাৰণতে আমাৰ শীতকালত চাহ খোৱাৰ প্ৰৱণতা বহুগুণে বাঢ়ি যায়৷ কিন্তু এটা কথা জানেনে চাহ ঠাণ্ডা হ’লে সেই চাহ পুনৰ গৰম কৰি খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ কাৰণ চাহত টক্সিন এচিড থাকে বাবে বাৰে বাৰে বনোৱা চাহ খালে লিভাৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷
    সৰহ পৰিমাণে ভাত বনোৱাৰ এটা অভ্যাস বহুতৰে আছে৷ ভাত পৰিমাণতকৈ বেছি হ’লে আকৌ বহুতেই ফ্ৰীজত থৈ দিলে৷ তাৰ পাছত ফ্ৰীজৰ পৰা উলিয়াই মাইক্ৰ’ ৱেভেনত গৰম কৰি বেছিভাগে খোৱা দেখা যায়৷ এনেদৰে গৰম কৰাৰ ফলত সেই ভাতত বেচিলাছ ছিৰিয়াছ নামৰ বেক্টেৰিয়াৰ সৃষ্টি হয়৷ কেইবাবাৰো গৰম কৰিলে বেক্টেৰিয়াৰ সংখ্যা দুগুণে বাঢ়িব পাৰে৷ এই ভাত খোৱাৰ ফলত পেটৰ বিভিন্ন সমস্যাৰ উপৰি ডায়েৰিয়াপৰ্যন্ত হ’ব পাৰে৷
    কণী সিজাই ৰাখি খোৱাৰ সময়ত আকৌ এবাৰ গৰম কৰি বহুতে খায়৷ কণীত বহুত বেছি পৰিমাণে প্ৰ’টিন আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ সেয়ে এবাৰ ৰন্ধাৰ পাছত পুনৰ গৰম কৰিলে তাত টক্সিন উৎপন্ন হয়৷ পুনৰ গৰম কৰা কণী খালে বদহজমৰ লগতে পেটত আনুষংগিক নানা বেমেজালি দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here