Home Health Naturally সাৱধান : প্লাষ্টিকৰ ব্যৱহাৰে হৃদৰোগৰ মাত্ৰা বৃদ্ধি কৰে

সাৱধান : প্লাষ্টিকৰ ব্যৱহাৰে হৃদৰোগৰ মাত্ৰা বৃদ্ধি কৰে

প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশ আৰু শৰীৰৰ কেনেধৰণৰ ক্ষতি কৰে, এই কথা সকলোৱে জানে৷ শেহতীয়াকৈ এনভাইৰনমেণ্টেল হেল্‌থ পাৰ্ছপেক্টিভ নামৰ জাৰ্নেলখনত প্ৰকাশিত এক তথ্য মতে প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত আপোনাৰ হৃদৰোগ তথা কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে৷ যেতিয়া প্লাষ্টিকৰ সামগ্ৰীসমূহ সাগৰ বা নদী আদিত পেলোৱা হয়, তেতিয়া প্লাষ্টিকসমূহ সাগৰৰ পানীত মিহলি হ’লে ইয়াৰ সৰু সৰু পদাৰ্থ কিছুমান ভাঙি যায়৷ যাক মাইক্ৰ’ প্লাষ্টিক বুলি কোৱা হয়৷ এনেধৰণৰ মাইক্ৰ’ প্লাষ্টিক সাগৰৰ মাছ, বা অন্য প্ৰাণীৰ পেটলৈ গৈ যথেষ্ট ক্ষতি কৰে৷ আৰু এনেধৰণৰ মাছ খোৱাৰ ফলত ইয়াৰ প্ৰভাৱ মানুহৰ ওপৰতো পৰে৷ অধ্যয়ন মতে মাইক্ৰ’ প্লাষ্টিকে মানুহৰ হাঁওফাঁওৰ কোষসমূহৰ আকাৰ সলনি কৰি দিব পাৰে৷ প্লাষ্টিকৰ সামগ্ৰীত ব্যৱহাৰ কৰা প্লাষ্টিছাইজাৰ নামৰ কেমিকেলবিধে মস্তিষ্কৰ বিভিন্ন ধৰণৰ ক্ষতি কৰে৷
বিভিন্ন ধৰণৰ খাদ্যৰ পেকেট, গা ধোৱা ঘৰত ব্যৱহাৰ কৰা প্লাষ্টিকৰ পৰ্দা, ঘৰৰ মজিয়াত ব্যৱহাৰ কৰা প্লাষ্টিক যেনে– ভিনাইল ফ্ল’ৰ আদিত Phthalate নামৰ প্লাষ্টিছাইজাৰ কেমিকেল ব্যৱহাৰ কৰা হয়, যি শৰীৰৰ কাৰণে মাৰাত্মক৷ এই কেমিকেল বতাহৰ লগত মিলি আপোনাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি হৃদৰোগৰ সম্ভাৱনা বঢ়াই তুলিব পাৰে৷
এক গৱেষণাত প্ৰকাশিত তথ্য মতে আমেৰিকাত এক লাখ মানুহ হৃদৰোগ আক্ৰান্ত গৈ মৃত্যুবৰণ কৰিছিল, যাৰ প্ৰধান কাৰণ আছিল প্লাষ্টিছাইজাৰ৷
আনহাতে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ এক গৱেষণা মতে প্লাষ্টিছাইজাৰে পাচনতন্ত্ৰত pxr-ৰ মাত্ৰা বঢ়াই তোলে৷ pxr এক উপাদান, যিয়ে কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ কিন্তু প্লাষ্টিছাইজাৰে সেই মাত্ৰা বঢ়াই দিয়াৰ ফলত কলেষ্টৰেলৰ পৰিমাণো বৃদ্ধি হয়৷

Most Popular

অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ

অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী...

সামুদ্ৰিক মাছৰ গুণাগুণ তথা উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

মাছ আমাৰ সকলোৰে প্ৰিয় খাদ্য হিচাপে ধৰা হয়৷ ইয়াৰ লগতে সামুদ্ৰিক মাছ বহুৰেই প্ৰিয় খাদ্য৷ ইয়াৰ স্বাদ তথা গুণাগুণ অলপ সুকীয়া৷ শৰীৰৰ...

নাছাই ক’লে : পৃথিৱীৰ পৰা মঙল গ্ৰহ পাবলৈ মাত্ৰ ৪৫ দিন লাগিব

বিশ্বৰ কেইবাখনো দেশে মঙল গ্ৰহলৈ মানুহ পঠিয়াবলৈ প্ৰস্তুতি চলাইছে৷ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মতে, পৃথিৱীৰ পৰা মঙল গ্ৰহলৈ...

স্মাৰ্টফোনৰ তলৰ ফুটাটোৰ কাম কি : আপুনি হয়তো নাজানে?

মানৱ জীৱনশৈলীত মোবাইল ফোনটো এতিয়া এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ হাতৰ টিপতে সমস্ত বিশ্বখন হাতে পোৱা, সকলো স্তৰৰ খবৰ, বিত্তীয় লেনদেন, যোগাযোগ...