দেশত আত্মহত্যা কৰা লোকৰ সংখ্যাৰ প্ৰসংগত NCRB-ৰ প্ৰতিবেদনে কি ক’লে?

0
148

ভাৰতত ২০২১ চনত ১.৬৪ লাখতকৈ অধিক লোকে আত্মহত্যা কৰিছে৷ নেশ্যনেল ক্ৰাইম ৰেকড্‌ৰ্ছ ব্যুৰ’ই [এন চি আৰ বি] প্ৰকাশ কৰা এই তথ্যৰ পৰা জানিব পৰা গৈছে যে যোৱা বছৰ দেশত প্ৰতিদিনে ৪৫০ জন বা প্ৰতি ঘণ্টাত ১৮ জন লোক আত্মঘাতী হৈছে৷ চৰকাৰী তথ্য মতে, ই হৈছে এন চি আৰ বিয়ে পঞ্জীয়ন আৰম্ভ কৰা বৰ্ষৰ পৰা এতিয়ালৈকে এটা বছৰত আত্মহত্যা কৰা লোকৰ ভিতৰত এই সংখ্যা সৰ্বাধিক৷ আত্মহত্যা কৰাসকলৰ ১.১৯ লাখ হৈছে পুৰুষ, ৪৫,০৪৬  মহিলা আৰু ২৮ গৰাকী ট্ৰেন্সজেণ্ডাৰ৷ এন চি আৰ বিৰ ‘ভাৰতত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যা’ শীৰ্ষক প্ৰতিবেদনত এই কথা প্ৰকাশ৷ তথ্যৰ পৰা দেখা গৈছে যে ক’ভিড-১৯ মহামাৰীৰ আগৰ বছৰবোৰৰ তুলনাত ২০২০ আৰু ২০২১ চনত এনেধৰণে মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে৷ এন চি আৰ বিৰ তথ্য মতে, ২০২০ চনত দেশত ১.৫৩ লাখ লোকে আত্মহত্যা কৰিছিল৷ প্ৰতিবেদনত দেখা গৈছে যে  ২০২০ চনত ১.৫০ লাখৰ সীমা অতিক্ৰম কৰাৰ আগতে আত্মহত্যা কৰা লোকৰ সংখ্যা ২০১৯ চনত ১.৩৯ লাখ, ২০১৮ চনত ১.৩৪ লাখ, ২০১৭ চনত ১.২৯ লাখ আছিল৷ এন চি আৰ বিয়ে ১৯৬৭ চনৰ পৰা আত্মহত্যা কৰা লোকৰ সংখ্যা লিপিবদ্ধ কৰিছে৷ উক্ত বছৰত আত্মহত্যা কৰা লোকৰ সংখ্যা আছিল ৩৮,৮২৯জন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here