Home Daily news সাৱধান ! দেশত Tomato flu-ৰ প্ৰাদুৰ্ভাৱ

সাৱধান ! দেশত Tomato flu-ৰ প্ৰাদুৰ্ভাৱ

ভাৰতত প্ৰাদুৰ্ভাৱ হোৱা এটা নতুন ৰোগ সন্দৰ্ভত চিকিৎসকসকল চিন্তিত হৈ পৰিছে আৰু সতৰ্কতা জাৰি কৰিছে৷ নতুন ৰোগটো হ’ল টমেটো ফ্লু৷ হাত, ভৰি আৰু মুখত হোৱা এইটো এটা নতুন ধৰণৰ ৰোগ আৰু কেৰালা আৰু ওড়িষাত এই ৰোগ ধৰা পৰিছে৷ লেনচেট্‌ ৰেছপিৰেটৰি জাৰ্নালৰ মতে, টমেটো ফ্লু প্ৰথমতে ধৰা পৰে ৬ মে’ত কেৰালাৰ কোল্লামত আৰু এতিয়ালৈকে ৮২টা শিশু এই ৰোগত আক্ৰান্ত হৈছে৷ 
লেনচেটৰ প্ৰতিবেদনত কোৱা হৈছে যে আক্ৰান্ত হোৱা শিশুসকলৰ বয়স প্ত বছৰতকৈ কম৷ প্ৰতিবেদনত লেনচেটে কয় যে ক’ভিড-১৯১ সম্ভাব্য চতুৰ্থ ঢৌৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে টমেটো ফ্লু বা টমেটো ফিভাৰ নামৰ এটা নতুন ভাইৰাছে দেখা দিছে ভাৰতৰ কেৰালা ৰাজ্যত আৰু প্ত বছৰতকৈ কম বয়সৰ শিশুসকল আক্ৰান্ত হৈছে৷ এই সংক্ৰামক ৰোগৰ কাৰণ ইণ্টেছটাইনেল ভাইৰাছ৷ সাধাৰণতে প্ৰাপ্তবয়স্ক লোক এই ৰোগত আক্ৰান্ত নহয়, কাৰণ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি থাকে৷ ৰোগীৰ শৰীৰত দেখা দিয়া ৰঙা, বেদনাদায়ক জোলাৰ কাৰণে এই সংক্ৰমণক টমেটো ফ্লু বুলি নামকৰণ কৰা হয়৷ জোলাবোৰ ক্ৰমাৎ ডাঙৰ হৈ গৈ থাকে আৰু বিলাহী একোটাৰ সমান হয়৷ 
ৰোগৰ লক্ষণ প্ৰায় চিকুনগুনিয়াৰ নিচিনা জ্বৰ হয়, শৰীৰত বিষ হয়, গাঁঠিবোৰ ফুলে আৰু অৱসাদ হয়৷ কিছুমান ৰোগীৰ ওকালি আহে, ডায়েৰিয়া, জ্বৰ হয়, দেহত পানীৰ নাটনি [ডিহাইড্ৰেশ্যন] হয়৷ কেৰালাৰ আন তিনি ঠাইতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে৷ ওড়িষাতো ৰ-জ্ঝ বছৰ বয়সৰ চ্ছটা শিশুৰ এই ৰোগ হোৱা বুলি ভুবনেশ্বৰত থকা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰিছে৷ কেৰালা, ওড়িষা আৰু তামিলনাডুৰ বাদে ভাৰতৰ আন ৰাজ্যত এই ৰোগ হোৱা নাই৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই ৰোগৰ চিকিৎসাৰ বাবে কোনো নিৰ্দিষ্ট ঔষধ নাই৷ তেওঁলোকে লগতে সকীয়াই দিয়ে যে টমেটো ফ্লু অতি বেছি সংক্ৰামক৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...